চৰকাৰ গঠনৰ বাবে তৎপৰতা প্ৰদৰ্শনৰ সময়তে মণিপুৰৰ কংগ্ৰেছ নেতা অকৰাম ইব’বি সিঙলৈ আহিল চিবিআইৰ চমন

চৰকাৰ গঠনৰ বাবে তৎপৰতা প্ৰদৰ্শনৰ সময়তে মণিপুৰৰ কংগ্ৰেছ নেতা অকৰাম ইব’বি সিঙলৈ আহিল চিবিআইৰ চমন

author-image
asomiyapratidin
New Update
চৰকাৰ গঠনৰ বাবে তৎপৰতা প্ৰদৰ্শনৰ সময়তে মণিপুৰৰ কংগ্ৰেছ নেতা অকৰাম ইব’বি সিঙলৈ আহিল চিবিআইৰ চমন

  • জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অকৰাম ইব'বি সিঙলৈ চিবিআইৰ চমন।
  • ৩৩২ কোটিটকীয়া মণিপুৰ ডেভেলপমেন্ট ছ'চাইটিৰ কেলেংকাৰীৰ বাবে নেতাগৰাকীক চমন দিয়া হৈছে।
  • তেওঁৰ বিৰু্দ্ধে ২০১৯ চনৰ নৱেম্বৰত গোচৰ ৰুজু কৰিছিল চিবিআইয়ে।
  • বুধবাৰে চিবিআইয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সোধা-পোছা কৰিব।
  • তেওঁক সোধা-পোছা কৰাৰ বাবে চিবিআইৰ এটা দল ইতিমধ্যে মণিপুৰত উপস্থিত হৈছে।
  • মণিপুৰত এন বীৰেণ সিং চৰকাৰ ভংগ হোৱাকলৈ সৃষ্টি হোৱা ৰাজনৈতিক অচলাৱস্থাৰ মাজতে কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে চমন অহাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
  • উল্লেখ্য যে, মণিপুৰত অন বীৰেণ সিঙৰ চৰকাৰ ভংগ হোৱাৰ পাছতে কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ বাবে তৎপৰতা অব্যাহত ৰাখিছিল।
  • এইক্ষেত্ৰত নেতৃত্ব দিছিল অকৰাম ইব'বি সিঙে।