/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/263814-cbi-jobs.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকী আৰু গেগং আপাঙৰ ইটানগৰৰ বাসগৃহত কালি চি বি আইৰ দুটা পৃথক দলে দীৰ্ঘসময় ধৰি তালাচী চলায়৷ ইটানগৰৰ স্থানীয় আৰক্ষীৰ সহযোগত নাবাম টুকীৰ ইটানগৰৰ বিধানসভাৰ কাষত থকা প্ৰসাদোপম বাসভৱনত গুৱাহাটীৰ পৰা অহা চি বি আইৰ বৃহৎ দল এটাই এই অভিযান চলায়৷
গড়কাপ্তানী বিভাগৰ মন্ত্ৰী হৈ থকাৰ সময়ত নিজ পৰিয়ালৰ সদস্যক নিবিদা আহ্বান নকৰাকৈয়ে ঠিকা আবন্টন দিয়াৰ এক গোচৰ চলি আছিল নাবাম টুকীৰ বিৰুদ্ধে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা এই গোচৰটো সন্দৰ্ভত চি বি আয়ে নাবাম টুকীক দোষী সাব্যস্ত কৰিছিল যদিও তদন্ত প্ৰক্ৰিয়া শেষ হোৱা নাছিল৷
আনহাতে আন এজন প্ৰাক্তন মুখ্যমন্ত্ৰী গেগং আপাঙৰ বাসগ়হতো চি বি আইৰ পৃথক দল এটাই দীৰ্ঘসময় ধৰি তালাচি চলায়৷ প্ৰায় ২০ বছৰ পূৰ্বে অৰুণাচলত সংঘটিত হোৱা এহেজাৰ কোটী টকীয়া পিডি এছ কেলেংকাৰী সন্দৰ্ভতে চি বি আইৰ দলটোৱে তালাচী চলায় বুলি সন্দেহ কৰা হৈছে৷
অভিযানকালত দলটোৱে বহু গুৰুত্ৰপূৰ্ণ নথি-পত্ৰ জব্দ কৰে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে আপাঙক পূৰ্বে পি ডি এছ কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল৷
আনহাতে নাবাম টুকীৰ সম্পৰ্কীয় নাবাম টাগাম নামৰ আন এজন ব্যক্তিৰ ঘৰটো চি বি আইৰ তৃতীয় দল এটাই কালিয়েই তালাচী চলায়৷ টাগামৰ ইউপিয়াত থকা ঘৰত চি বি আয়ে তালাচী চলায়৷ উল্লেখ্য যে চি বি আয়ে চলোৱা এই তালাচী অভিযানৰ সময়ত নাবাম টুকী আৰু গেগং আপাং ঘৰত নাছিল৷