মমতাৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত গোচৰ ৰুজু

মমতাৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত গোচৰ ৰুজু

author-image
asomiyapratidin
New Update
মমতাৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত গোচৰ ৰুজু

ডিজিটেল ডেস্কঃ এনআৰচিক লৈ উচটনিমূলক মন্তব্য দিয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত গোচৰ ৰুজু কৰা হৈছে। মমতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে। আৰক্ষীয়ে ৮৩২/২০১৮ নম্বৰত এই গোচৰ পঞ্জীয়ন কৰিছে।

ইফালে বৃহস্পতিবাৰে অসমলৈ আহিব তৃণমূল কংগ্ৰেছৰ ৭জনীয়া এটি প্ৰতিনিধিৰ দল। বিয়লি ৪.৩০ বজাত শিলচৰৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ সাংসদ, বিধায়ক তথা বৰাকৰ বিশিষ্ট নাগৰিকসকলৰ সৈতে মত-বিনিময় কৰিব।

নাগৰিক মঞ্চৰ উদ্যোগত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ। বুধবাৰে, উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে, এন আৰ চি প্ৰকাশৰ পিছত বৰাক উপত্যকাৰ পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰতিনিধি দলটো আহিব। এক সংবাদ মেল অনুষ্ঠিত কৰি বিধায়কগৰাকীয়ে টিএমচিৰ প্ৰতিনিধি দলটোক আদৰণি জনায়।