৩ লোকসভা আৰু ৭ বিধানসভা সমষ্টিত অনুষ্ঠিত হৈ আছে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ…

৩ লোকসভা আৰু ৭ বিধানসভা সমষ্টিত অনুষ্ঠিত হৈ আছে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ…

author-image
asomiyapratidin
New Update
৩ লোকসভা আৰু ৭ বিধানসভা সমষ্টিত অনুষ্ঠিত হৈ আছে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ…

ডিজিটেল ডেস্কঃ আজি দেশৰ কেইবাখনো ৰাজ্যৰ তিনিখন লোকসভা আসন আৰু সাতখন বিধানসভা আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে। পুৱা ৭ বজাত উত্তৰ প্ৰদেশৰ আজমগড় আৰু ৰামপুৰ লোকসভা আসনৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। আনহাতে কঠোৰ নিৰাপত্তাৰ মাজৰে পুৱা ৮ বজাত আৰম্ভ হয় পঞ্জাৱৰ সংগৰুৰ লোকসভা আসনৰ ভোটগ্ৰহণ। এই লোকসভা সমষ্টিত সন্ধিয়া ৬ বজালৈকে ভোটগ্ৰহণ অব্যাহত থাকিব। সংগৰু লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৫,৬৯,২৪০ গৰাকী। ইয়াৰ ভতিৰত ৮,৩০,০৫৬ জন পুৰুষ আৰু ৭,৩৯,১৪০ গৰাকী মহিলা ভোটাৰ। আনহাতে সমষ্টিটোত মুঠ ৪৪ জন ট্ৰেন্সজেণ্ডাৰ ভোটাৰ আছে।

Advertisment

এই সমষ্টিত মুঠ ১৬ জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। যাৰ ভিতৰত তিনিগৰাকী মহিলাও আছে। আপ দলৰ সাংগৰুৰ জিলাৰ ভাৰপ্ৰাপ্ত গুৰমাইল সিঙক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মুখ্য বিৰোধী কংগ্ৰেছে ধুৰীৰ প্ৰাক্তন বিধায়ক দলবীৰ সিং গোল্ডীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বিজেপিয়ে বৰ্ণালাৰ প্ৰাক্তন বিধায়ক কেৱাল ধিলনক প্ৰাৰ্থী প্প্ৰাৰদান কৰাৰ বিপৰীতে শিৰোমণি অকালি দলৰ মুৰব্বী চিমৰণজিৎ সিং মানো নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

চুবুৰীয়া ত্ৰিপুৰাত চাৰিখন বিধানসভা আসনৰ বাবে অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন। এই চাৰি সমষ্টি হৈছে আগৰতলা, টাউন বৰদোৱালী, সুৰমা আৰু জুব্ৰজনগৰ। আটাইকেইখন আসনৰ বাবে ২২১ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ চলি আছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোট গ্ৰহণ ৫ বজালৈকে চলিব। বৰ্তমানলৈকে শান্তিপূৰ্ণ ভাৱে ইয়াত ভোটগ্ৰহণ অব্যাহত আছে।

ইফালে দিল্লীৰ ৰাজেন্দ্ৰ নগৰ বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। কঠোৰ নিৰাপত্তাৰ মাজত পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ পৰ্ব সন্ধিয়া ৬ বজালৈকে চলিব। এই আসনখনৰ বাবে মুঠ ১৪ জন প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে। অৱশ্যে মূল যুঁজখন আপ আৰু বিজেপিৰ মাজতে হ'ব বুলি প্ৰকাশ পাইছে। আসনখনৰ বাবে আপে দুৰ্গেশ পাঠকক আৰু বিজেপিয়ে ৰাজেশ ভাটিয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে প্ৰেম লতাক।

ঝাৰখণ্ডৰ ৰাঁচী জিলাৰ মান্দাৰ বিধানসভা আসনতো অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন। কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পুৱা ৭ বজাত ভোটগ্ৰহণ আৰম্ভ হৈছে আৰু আবেলি ৪ বজালৈকে ভোটগ্ৰহণ চলিব। সমষ্টিটোত বহু কেইটা সংবেদনশীল ভোটকেন্দ্ৰ থকাৰ বাবে চিচিটিভি স্থাপন কৰা হৈছে। মুঠ ৪৩৩ টা ভোটকেন্দ্ৰৰ ভিতৰত ১৪১ টা ভোটকেন্দ্ৰক অতি সংবেদনশীল, ২১৮ টা ভোট কেন্দ্ৰক সংবেদনশীল হিচাপে চিহ্নিত কৰা হৈছে।

ইয়াৰ উপৰিও অন্ধ্ৰ প্ৰদেশৰ আত্মাকুৰু বিধানসভা আসনতো নিৰ্বাচন অনুষ্ঠিত হৈ আছে। এই বিধানসবা সমষ্টিত বৰ্তমানলৈকে শান্তিপূৰ্ণ ভাৱেই ভোটগ্ৰহণ চলি আছে। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা নাই।