মিজোৰামত গণৰাজ্য দিৱসত খালী চকীৰ সন্মুখত ৰাজ্যপালৰ ভাষণ

মিজোৰামত গণৰাজ্য দিৱসত খালী চকীৰ সন্মুখত ৰাজ্যপালৰ ভাষণ

author-image
asomiyapratidin
New Update
মিজোৰামত গণৰাজ্য দিৱসত খালী চকীৰ সন্মুখত ৰাজ্যপালৰ ভাষণ

ডিজিটেল ডেস্কঃ দেশৰ ইতিহাসত প্ৰথম বাৰৰ বাবে সংঘটিত হ'ল এনে ঘটনা। সন্মুখত খালী পথাৰ আৰু খালী আসনৰ সন্মুখতে ৭০ সংখ্যক গণৰাজ্য দিৱসৰ অনুষ্ঠানত ভাষণ দিব লগা হ'ল মিজোৰামৰ ৰাজ্যপাল কুম্মানম ৰাজাশেখৰনে। ৰাজ্যখনৰ কেইবাটাও জাতীয় সংগঠনে গণৰাজ্য দিৱস বৰ্জন দিয়াৰ আহ্বানৰ ফলশ্ৰুতিত উক্ত অনুষ্ঠানত উপস্থিত নাথাকিল এজনো লোক।

এই অনুষ্ঠানত উপস্থিত থাকিল কেৱল মিজোৰামৰ কেইগৰাকীমান মন্ত্ৰী, বিধায়ক আৰু ৰাজ্যখনৰ কেইজনমান উচ্চপদস্থ বিষয়া। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আহ্বান জনোৱা এই গণৰাজ্য দিৱস বৰ্জনৰ প্ৰতি সাধাৰণ লোকৰ এই সঁহাৰিয়ে এই বিধেয়কখনৰ বিৰুদ্ধে ৰাইজৰ কি ক্ষোভ সেয়া প্ৰমাণ কৰিলে। অৱশ্যে তাৰ মাজতে আৰক্ষী আৰু সামৰিক বাহিনীয়ে পেৰেডত অংশ লয়। এই গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অৱশ্যে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই। খালী খেল পথাৰতে ৰাজ্যপাল গৰাকীয়ে ৰাজ্যখনৰ বাবে মিজোৰাম চৰকাৰে গ্ৰহণ কৰা কেইবাটাও জনমুখী আঁচনিৰ কথা উল্লেখ কৰিলে। লগতে তেওঁ সীমান্তৱৰ্তী অঞ্চলত বাস কৰা মিজো লোকসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমুখী আঁচনিৰ কথাও উল্লেখ কৰে। 

ইফালে মণিপুৰতো কেইবাটাও ছাত্ৰ সংগঠনে গণৰাজ্য দিৱস কাৰ্যসূচী ঘোষণা কৰাৰ ফলত ইম্ফলকে ধৰি অন্যান্য স্থানত আয়োজিত হোৱা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিতি আছিল তেনেই সেৰেঙা। ইউনাইটেড কমিটী মণিপুৰ, অল মণিপুৰ ইউনাইটেড ক্লাৱছ অৰ্গেনাইজেশ্যন, কমিটী অৱ চিভিল ছ'চাইটি কংগলেপাক, এথেনো হেৰিটেজ কাউন্সিল আদি সংগঠনে এইবাৰৰ গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান দিছিল। ঠায়ে ঠায়ে েই সংগঠনসমূহৰ সমৰ্থকসকলে বিক্ষোভৰ কাৰ্যসূচীও গ্ৰহণ কৰে।

মেঘালয়তো গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পূৰ্বৰ দৰে ৰাইজৰ উপস্থিতি দেখা পোৱা নগ'ল। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চুবুৰীয়া ৰাজ্যখনতো প্ৰতিবাদ অব্যাহত আছে।