/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/rakhi-620x330.jpg)
ডিজিটেল ডেস্কঃ ৰাখীয়েই বিপদ মাতিলে ত্ৰিপুৰাৰ এজন ছাত্ৰলৈ। ৰাজ্যখনৰ ৰাজধানী আগৰতলাৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ঘটনা এয়া। ৰক্ষা বন্ধনৰ দিনা বিদ্যালয়খনৰ অধ্যক্ষই ছাত্ৰজনক এক অদ্ভূত নিৰ্দেশ প্ৰদান কৰে।
দ্বাদশ শ্ৰেণীৰ দিলীপকুমাৰ সাহা নামৰ ছাত্ৰজনৰ সহপাঠী ছাত্ৰী এগৰাকীৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক। এই কথাক লৈয়ে আপত্তি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু অধ্যক্ষৰ।
সেয়ে ৰক্ষা বন্ধনৰ দিনা অধ্যক্ষজনে বিদ্যালয়লৈ মাতি পঠিয়াই ছাত্ৰ আৰু ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃক। আন শিক্ষক-শিক্ষয়িত্ৰী তথা পিতৃ-মাতৃৰ সমুখতে অধ্যক্ষই সহপাঠী প্ৰেমিকাৰ হাতেৰে ৰাখী পিন্ধিবলৈ নিৰ্দেশ দিয়ে দিলীপক।
পিছে অধ্যক্ষৰ এই নিৰ্দেশ মানি ল'বলৈ কোনোপধ্যেই সন্মত নহ'ল ছাত্ৰজন। ছাত্ৰীগৰাকীয়েও দিলীপক কোনো কাৰণতে ৰাখি নিপিন্ধাই বুলি স্পষ্ট কৰি দিয়ে। ইমানৰ পিছতো অধ্যক্ষই নাছোৰবান্দা হৈ ৰোৱাত লাজ আৰু অপমানত বিদ্যালয়গৃহৰ তৃতীয় মহলালৈ উঠি গৈ তললৈ জাঁপ দি আত্মহত্যাৰ চেষ্টা চলায়।
তৃতীয় মহলাৰ পৰা জাঁপ দিয়াত গুৰুতৰভাৱে আহত হয় ছাত্ৰজন। সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসালয়ত মৃত্যুৰে যুঁজি আছে ছাত্ৰজনে।
এই ঘটনাক লৈ এতিয়া বিদ্যালয়খনৰ অভিভাৱকসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ছাত্ৰজনৰ পিতৃ-মাতৃয়ে অধ্যক্ষজনৰ বিৰুদ্ধে আৰক্ষীৰো কাষ চাপিছে। স্থানীয় লোকসকলেও অধ্যক্ষজনৰ এনে কাৰ্যক গৰিহণা দি গ্ৰেপ্তাৰৰ দাবী তুলিছে।