ইম্ফলত পুৱাই প্ৰচণ্ড বিস্ফোৰণ…

ইম্ফলত পুৱাই প্ৰচণ্ড বিস্ফোৰণ…

author-image
asomiyapratidin
New Update
ইম্ফলত পুৱাই প্ৰচণ্ড বিস্ফোৰণ…

ডিজিটেল ডেস্কঃ মণিপুৰৰ ইম্ফলত সংঘটিত হৈছে এক বোমা বিস্ফোৰণৰ ঘটনা। বুধবাৰে পুৱা ইম্ফলৰ লামলং অঞ্চলৰ টিনচিড পথৰ এখন ফাৰ্মাচীত সংঘটিত হয় এই বিস্ফোৰণ। প্ৰথামিক খবৰ অনুসৰি ফাৰ্মাচীখনত আই ই ডি বিস্ফোৰণ হৈছিল।

এই বিস্ফোৰণৰ পিছতেই ইম্ফলত নিৰাপত্তা বৃদ্ধি কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। পুৱা প্ৰায় ৬-৩০ বজাত সংঘটিত হোৱা এই বিস্ফোৰণটোত সৌভাগ্যক্ৰমে কোনো ব্যক্তি হতাহতি হোৱা নাই।