/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/COURT-NEWSSSSS.jpg)
ডিজিটেল সংবাদ, শ্বিলংঃ কোৰোনাৰ বিৰুদ্ধে যুঁজত বিধি পঠালি দিয়া লোকৰ বিৰুদ্ধে আইন অনুসৰি গোচৰ ৰুজু কৰক। মেঘালয় উচ্চ ন্যায়ালয়ে দিছে এই নিৰ্দেশ। এতিয়াৰে পৰা কোৰোনাৰ ক্ষেত্ৰত লৰা ধেমালি কৰা লোকৰ বিৰুদ্ধে মেঘালয়ত লোৱা হ'ব কঠোৰ ব্যৱস্থা। লগতে যদিহে কোনো লোকে আন ক্ষেত্ৰৰ লগতে কোৰোনাৰ ৰোগীৰ অন্ত্যেষ্টিক্ৰিয়াৰ ক্ষেত্ৰত বাধা হৈ থিয় দিয়ে তেতিয়া তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা ল'ব প্ৰশাসনে।
কোৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱা ড° জন এল চাইলো ৰিন্টাথিয়াঙৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত বাধা হৈ থিয় দিছিল Nongpoh Dorbar Shnongৰ লগতে মাওবাহৰ লোকসকল। যাৰ বাবে মেঘালয় উচ্চ ন্যায়ালয়ৰ উকিল সন্থাই উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনীত আবেদন দাখিল কৰিছিল। Nongpoh Dorbar Shnongৰ লগতে যিসকল লোকে প্ৰশাসনক নিজৰ কাম কৰাত বাধা দিছে তেওঁলোকৰ বিৰুদ্ধে আইন অনুসৰি গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
মেঘালয়ত পুনৰ ২গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা। যাৰ বাবে ৰাজ্যখনত কোৰোনাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৯লৈ। লগতে ৰাজ্যখনত এতিয়ালৈকে ৫৫২ টা কোৰোনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। এইসকল লোকৰ ভিতৰত ৩৮২ গৰাকী মেঘালয়ৰ বেঠানী হাস্পতালৰ লোক। ইয়াৰে ২১৮ গৰাকী চিকিৎসক।
এইসকল লোকৰ ভিতৰত ২৪৬ টা পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে। প্ৰথমগৰাকী কোৰোনাত আক্ৰান্ত লোকক বাদ দি ৯টাৰ পজিটিভ আহিছে। আনহাতে বাকীসকল লোকৰ এতিয়াও ফলাফল অহা নাই। মেঘালয়ত ৯১ গৰাকী লোকক কোৱাৰেন্টাইনত ৰখা হৈছে।
মোঘালয়ত প্ৰথমে কেনেদৰে কোৰোনাৰ সংহাৰ আৰম্ভ হৈছিল সেই কথা এতিয়াও নিশ্চিত কৰিব পৰা নাই। প্ৰথমগৰাকী ৰোগীৰ সৈতে প্ৰত্যক্ষভাৱে সংস্পৰ্শলৈ অহা ১৪০ গৰাকী লোকক চিনাক্ত কৰিছে। লগতে ৪০০০ হেজাৰ পৰোক্ষভাৱে তেওঁৰ সংস্পৰ্শলৈ অহা লোককো চিনাক্ত কৰিছে।