/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/9c656483-ffad-4164-abf7-f807b8b9b4f1.jpg)
ডিজিটেল ডেস্কঃ অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। প্রধানমন্ত্ৰীগৰাকীৰ ৬৯ সংখ্যক জন্ম 'সেৱা সপ্তাহ' ৰূপে পালন কৰাৰ কথা ঘোষণা কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে। টুইটাৰযোগে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে- সেৱা সপ্তাহৰ সময়ত ত্ৰিপুৰাৰ ১১০০ পঞ্চায়ত আৰু গ্ৰাম সমিতিৰ উদ্যোগত ৰাজ্যখনত ডাষ্টবিনৰ ব্যৱস্থা কৰা হ'ব।
লগতে তেওঁ জনাইছে যে, অহা ৬ মাহৰ দৰমহা তেওঁ দান দিয়াৰ সিদ্ধান্ত লৈছে। আৰু ত্ৰিপুৰাক এখন পৰিষ্কাৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
पीएम श्री @narendramodi जी के जन्मदिवस को #सेवासप्ताह के रूप में मानने का प्रण लेते हुए. #त्रिपुरा के सभी 1100 पंचायत व ग्राम समिति बाजारों में डस्टबीन लगाए जाएंगे.इस मुहिम के लिए मैंने अगले 6माह का अपना वेतन देने का निर्णय लिया है राज्य को कचरामुक्त बनाने के लिए हम प्रतिबद्ध हैं pic.twitter.com/VekDatX6ji
— Biplab Kumar Deb (@BjpBiplab) September 13, 2019
ইফালে, ত্ৰিপুৰাৰ লগতে উত্তৰাখণ্ডতো এনেধৰণৰেই প্ৰস্তুতি চলোৱা হৈছে। উত্তৰাখণ্ডত ১৪ ছেপ্টেম্বৰৰ পৰা ২০ ছেপ্টেম্বৰৰ পৰা সেৱা সপ্তাহ পালন কৰা হ'ব। উত্তৰাখণ্ডৰ প্ৰতিখন জিলাতেই সেৱা সপ্তাহৰ আয়োজন কৰা হ'ব।
আনহাতে, এই সেৱা সপ্তাহ কাৰ্যসূচীৰ বাবে ৰাজ্যখনত গঠন কৰা হৈছে এখন সমিতি। এই কাৰ্যসূচীত ৰাজ্যখনৰ দৰিদ্ৰ শ্ৰেণী লোকসকলক বহু ধৰণৰ সুবিধা আৰু সেৱা প্ৰদান কৰা হ'ব। বিজেপিয়ে সমগ্ৰ দেশতেই এতিয়া প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষে এতিয়া 'সেৱা সপ্তাহ' কাৰ্যসূচীৰ বাবে প্ৰস্তুতি চলাইছে।