/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/BJP-RESIGNED-NAGALAND-AFTER-DELHI-ELECTION.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ বিজেপিৰ প্ৰতি ক্ৰমাৎ মোহভংগ ঘটিছে নাগালেণ্ডত। শাসকীয় বিজেপি দল ত্যাগ কৰি কিষাণ মৰ্চাৰ ৰাজ্যিক উপ-সভাপতিসহ ২২ গৰাকী নেতা-কৰ্মীয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে নাগা পিপ'লছ ফ্ৰণ্টত যোগদান কৰে। উল্লেখযোগ্য যে, মঙলবাৰে ডিমাপুৰৰ হোটেল ছাৰামতিত অনুষ্ঠিত এক সভাত নাগালেণ্ড বিজেপিৰ আইন কোষৰ সম্পাদক টছি লংকুমাৰ আৰু কিষাণ মৰ্চাৰ উপ-সভাপতি মকিবুৰ ৰহমানসহ ২২ গৰাকীয়ে এন পি এফৰ সভাপতি ডঃ ছুৰজেলি লিজিতছুৰ ওচৰত নাগা পিপ'লছ ফ্ৰণ্টৰ সদস্যপদ গ্রহণ কৰে।
বিজেপিৰ দল ত্যাগৰ সন্দৰ্ভত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি মকিবুৰ ৰহমানে কয় যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা অব্যাহত ৰাখিবৰ বাবে তেওঁলোকে এনেদৰে বিজেপি দল ত্যাগ কৰিছে। নাগৰিকত্ব সংশোধনী আইন উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়াৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি বিপদজনক। ইফালে এন পি এফৰ সভাপতি ডঃ লিজিতছুৱে কয়, এয়া সিদ্ধান্ত লোৱাৰ উপযুক্ত সময় কিয়নো নাগা পিপ'লছ ফ্ৰণ্টৰ কেৱল নিৰ্বাচন খেলাই উদ্দেশ্য নহয়। বিৰোধী দলত থাকিলেও নগাসকলৰ অস্তিত্ব আৰু সুকীয়া পৰিচয়ক প্ৰতিনিধিত্ব কৰি আহিছে। লিজিতছুৱে কয়, নগা জাতিৰ অস্তিত্ব ৰক্ষাৰ শেষ মুহূৰ্তলৈকে এন পি এফ থাকিব।