অৰুণাচলত বিনা প্ৰতিদ্বন্দ্বিতাৰে ২ বিজেপি বিধায়কৰ জয়লাভ, কেক কাটিলে দলৰ নেতা-কৰ্মীৰ

অৰুণাচলত বিনা প্ৰতিদ্বন্দ্বিতাৰে ২ বিজেপি বিধায়কৰ জয়লাভ, কেক কাটিলে দলৰ নেতা-কৰ্মীৰ

author-image
asomiyapratidin
New Update
অৰুণাচলত বিনা প্ৰতিদ্বন্দ্বিতাৰে ২ বিজেপি বিধায়কৰ জয়লাভ, কেক কাটিলে দলৰ নেতা-কৰ্মীৰ

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ বিধান সভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ উঠাই লোৱাৰ পূৰ্বেই বিজেপিৰ দুজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছে৷ য়াচুলি বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী টাবা টাদিৰ বিজয়ী হোৱাটো নিশ্চিত হৈছে৷ তেওঁৰ বিৰুদ্ধে মনোনয়ন পত্ৰ দাখিল কৰা কংগ্ৰেছ প্ৰাৰ্থী টকো য়াৰামৰ মনোনয় পত্ৰ নাকচ কৰাৰ পিছতে বিজেপি প্ৰাৰ্থীগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰে।

ইফালে, আলো পূব সমষ্টিত জেডিইউৰ প্ৰাৰ্থী মিনকিৰ ললেনৰো মনোনয়ন নাকচ হোৱাত সমষ্টিটোৰ বিজিপি প্ৰাৰ্থী কেন্টো জিনি বাধাহীন বিজয়ৰ দিশে অগ্ৰসৰ হোৱা বুলি জানিব পৰা গৈছে। অহা ১১ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ লগত একেলগে অনুষ্ঠিত হ'বলগা ৬০ জনীয়া বিধানসভাৰ নিৰ্বাচনৰ ভোটদানৰ পূৰ্বেই এনেদৰে বিজেপিৰ দুজন বিধায়কৰ জয়লাভে দলটোৰ মাজত আনন্দৰ বন্যা নমাইছে।