/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/bilasipara.jpg)
ডিজিটেল ডেস্কঃ এন আৰ চিক লৈ ৰাজ্যখনত শান্তিপূ্ৰ্ণ পৰিৱেশ বিৰাজ কৰি থকাৰ সময়তে এটা বিশেষ চক্ৰই ভিন্ন স্থানত উত্তেজনা বিয়পোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। শেহতীয়াকৈ এনে এটি চক্ৰ অধিক সক্ৰিয় হৈ পৰিছে ধুবুৰী জিলাত।
জিলাখনৰ বিলাসীপাৰাত বৃহস্পতিবাৰে নিশাৰ ভাগত দুটাকৈ কালী মন্দিৰত দুৰ্বৃত্তই ক্ষতিসাধন সংঘটিত কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে এয়া স্পষ্ট হৈ পৰিছে। স্থানীয় ৰাইজে জনোৱা মতে চহৰখনৰ বামুণপাৰৰ ১০ আৰু ১১নং ৱাৰ্ডৰ কালী মন্দিৰ দুটাত যোৱা নিশা এই অঘটন সংঘটিত কৰে কোনো অজ্ঞাত দুৰ্বৃত্তই।
আজি পুৱাৰ ভাগত ৰাজপথত দুটাকৈ কালী মূৰ্তিৰ ধ্বংসাৱশেষ প্ৰত্যক্ষ কৰাৰ পিছতে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে। ৫শতাধিক উত্তেজিত ৰাইজে ঘটনাস্থলীত একগোট হৈ হুলস্থুলীয়া পৰিৱেশৰ সৃ্ষ্টি কৰাৰ খবৰ পোৱা মাত্ৰকে পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা কৰি আৰক্ষী আৰু জিলা প্ৰশাসন তৎপৰতাৰে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/a3294879-bee9-469e-b66c-1e0494ddfc72.jpg)
পৰিস্থিতিৰ বুজ লবলৈ ইতিমধ্যে ঘটনাস্থলীত আহি উপস্থিত হৈছে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে কেবাজনো শীৰ্ষ আৰক্ষী বিষয়া। শেহতীয়াকৈ চহৰখনত চি আৰ পি এফ মোতায়েন কৰাৰো খবৰ পোৱা গৈছে।