নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কি ক’লে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই…

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কি ক’লে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই…

author-image
asomiyapratidin
New Update
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কি ক’লে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই…

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়ক কেন্দ্ৰীয় কেবিনেটে বুধবাৰে অনুমোদন জনোৱাৰ পাছতে উত্তৰ-পূব তথা অসমৰ প্ৰায় সংখ্যক দল-সংগঠনে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। শেহতীয়াকৈ বিতৰ্কিত এই বিধেয়কখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই। তেওঁ বিধেয়কখনক অতি ভয়ংকৰ আখ্যা দিয়াৰ লগতে এই বিধেয়কখন গৃহিত হ'লে তেওঁৰ গৃহ জিলাতো যথেষ্ট প্ৰভাৱ পৰিব বুলি কয়।

প্ৰাক্তন অধিনায়কগৰাকীয়ে লগতে কয় যে, উত্তৰ-পূবৰ ৰাজ্যসমূহ যিহেতু বাংলাদেশৰ নিচেই কাষত আছে৷ যদিহে এই বিধেয়ক গৃহিত হয় তেন্তে উত্তৰ-পূৰ্বাঞ্চলত যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব৷ ইয়াৰ উপৰি তেওঁ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ ছিকিম ক্ৰান্টিকাৰি মৰ্চা (SKM)-য়ো বিধেয়কখনৰ বিৰোধিতা কৰিব লাগে বুলি মন্তব্য কৰে।