/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/truck-jobdo.jpg)
ডিজিটেল সংবাদ, শ্বিলংঃ বাগৰী আৰক্ষীৰ সফল অভিযান। বাগৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজমোহন ডেকাৰ নেতৃত্বত বাগৰি আৰক্ষীয়ে উদ্ধাৰ কৰে বাৰচকীয়া এখন চুৰি ট্ৰাক।
ট্ৰাকখন বাগৰীৰ এখন লাইন হোটেলৰ সন্মুখৰ পৰা ১৭ জুলাইত চুৰি হৈছিল। আৰক্ষীয়ে অভিযান চলাই মেঘালয়ৰ বৰ্ণিহাটৰ এটা গেৰেজৰ পৰা উদ্ধাৰ কৰে ট্ৰাকখন।
এই ঘটনাৰ সৈতে জড়িত ধৃত চাৰিজন হ'ল অপিন্দৰ চাহানী,ৰজল কুমাৰ, বীৰেন্দৰ চাহানী আৰু ৰাকেশ কুমাৰ। চাৰিওৰে ঘৰ বিহাৰত।