/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/5581b7e0-f5e9-47f6-859d-9e7cf35227bf.jpg)
ডিজিটেল সংবাদ, শ্বিলংঃ অৱশেষত বাংলাদেশৰ প্ৰাক্তন মন্ত্ৰীৰ মুখত বিৰিঙি উঠিল হাঁহি। ৩ বছৰ ধৰি ভাৰতৰ কাৰাগাৰত বন্দী হৈ থকা মন্ত্ৰীজনক শুকুৰবাৰে শ্বিলঙৰ নিম্ন আদালতে মুক্তিৰ নিৰ্দেশ প্ৰদান কৰে। আদালতে প্ৰাক্তন মন্ত্ৰীজনক নিজ দেশলৈ প্ৰত্যৰ্পণৰ ব্যৱস্থা কৰিবলৈকো সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।
কোনো ধৰণৰ প্ৰয়োজনীয় নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশৰ অভিযোগত ২০১৫ চনৰ ১ মে'ত মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ গল্ফলিংক অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে ছালাহউদ্দিন আহমেদ নামৰ বাংলাদেশৰ প্ৰাক্তন মন্ত্ৰীজনক। বিএনপি নেত্ৰী খালেদা জিয়া প্ৰধানমন্ত্ৰী হৈ থকা সময়ছোৱাত ২০০১-০৬ৰ সময়ছোৱাত চুবুৰীয়া দেশখনৰ যোগাযোগ বিভাগৰ মন্ত্ৰী আছিল ছালাহউদ্দিন।
উল্লেখ্য যে, ২০১৫ চনৰ ১০ মাৰ্চত বাংলাদেশৰ পৰা সন্ধানহীন হৈছিল মন্ত্ৰীগৰাকী। বাংলাদেশৰ পৰা এগৰাকী মন্ত্ৰী নথি-পত্ৰ অবিহনে কিদৰে শ্বিলং পালে সেয়া আজিও ৰহস্য হৈয়ে ৰৈছে। ভাৰতীয় চোৰাংচোৱা আৰু মেঘালয় আৰক্ষীয়েও এই ৰহস্য উদ্ঘাটনত সফল হ'ব পৰা নাই।
সন্ধানহীন হোৱাৰ পিছতে আহমেদৰ বাংলাদেশত থকা পৰিয়ালৰ লোকসকলে শ্বেখ হাছিনা চৰকাৰৰ নিৰ্দেশত বাংলাদেশৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। অৱশ্যে বাংলাদেশ আৰক্ষীয়ে পৰিয়ালৰ লোকসকলৰ উক্ত অভিযোগ খণ্ডন কৰে। ইয়াৰ পিছতে ৰহস্যজনকভাৱে ভাৰতৰ শ্বিলঙত গ্ৰেপ্তাৰ হয় প্ৰাক্তন বাংলাদেশী মন্ত্ৰীগৰাকী।
শ্বিলঙত গ্ৰেপ্তাৰৰ পিছতে আদালতে মেঘালয়ৰ পৰা বাহিৰ হ'ব নোৱৰাৰ চৰ্তত জামিন প্ৰদান কৰিছিল বাংলাদেশৰ প্ৰাক্তন মন্ত্ৰীগৰাকীক। উক্ত নিৰ্দেশ অনুযায়ী ইমানদিনে পূব খাছী হিলছ জিলাৰ আৰক্ষী অধীক্ষকৰ নীৰিক্ষণত মেঘালয়তে আছিল চুবুৰীয়া দেশখনৰ প্ৰাক্তন মন্ত্ৰীগৰাকী। সুদীৰ্ঘ ৩ বছৰৰ অন্তত অৱশেষত আদালতে ছালাহউদ্দিনক স্বদেশলৈ যোৱাৰ পথ প্ৰশস্ত কৰি দিয়ে।
জানিব পৰা মতে, বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টী চমুকৈ বিএনপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক কমিটিৰো সদস্য আছিল ছালাহউদ্দিন। ইফালে, আগন্তুক বৰ্ষৰ প্ৰথমটো মাহতে অনুষ্ঠিত হ'ব বাংলাদেশৰ সাধাৰণ নিৰ্বাচন। সাধাৰণ নিৰ্বাচনৰ পূৰ্বে স্বদেশত ভৰি দিবলৈ উদ্বাউল হৈ পৰিছে ছালাহউদ্দিন। 'মই দেশলৈ যাবলৈ উদ্বাউল হৈ আছো। মই মোৰ দেশলৈ ঘূৰি যাব বিচাৰো। মোৰ এটা সুকীয়া ৰাজনৈতিক জীৱন আছে।'-এইদৰে কয় ছালাহউদ্দিনে।