/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/inshorts_image_1535384897704_620.jpg)
ডিজিটেল সংবাদ, আগৰতলাঃ চৰকাৰী কৰ্মচাৰীসকলক এক অদ্ভূত নিৰ্দেশ প্ৰদান কৰিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে। মহাভাৰতৰ দিনতে ইণ্টাৰনেট চলোৱা শেহতীয়াকৈ চৰকাৰী বিষয়াসকলৰ বাবে নিৰ্ধাৰণ কৰি দিছে 'ড্ৰেছ কোড'।
এই অনুযায়ী এক নিৰ্দেশনা জাৰি কৰি কৰ্তব্যৰত অৱস্থাত জিন্স বা কাৰ্গো পেণ্ট পিন্ধাত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে ত্ৰিপুৰা চৰকাৰে। ইয়াৰ লগতে ছানগ্লাছ পৰিধানতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
ৰাজ্যৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ড্ৰেছ কোড সম্পৰ্কীয় এক বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে জিলা উপায়ুক্ত আৰু বিভিন্ন কাৰ্যালয়লৈ নিৰ্দেশ প্ৰেৰণ কৰি সকলোৱে যাতে ড্ৰেছ কোড মানি চলে সেয়া নিশ্চিত কৰিবলৈ কোৱা হৈছে।
ড্ৰেছ কোডৰ লগতে নিৰ্দেশনাটোত চৰকাৰী সভা-সমিতিত মোবাইল ফোনৰ ব্যৱহাৰক লৈও অসন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। শীৰ্ষ বিষয়াসকলক তেওঁ স্পষ্টকৈ জনায় দিয়ে যে, বৈঠকৰ সময়ত ফোনত কথা পতাতো খুবেই অসন্মানজনক। ভৱিষ্যতে কোনো বৈঠকত যাতে ইয়াৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈকো তেওঁ সকলোকে আহ্বান জনায়।
মুখ্যমন্ত্ৰীগৰাকীৰ এই নিৰ্দেশনাই ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বহুতেই এনে নিৰ্দেশ দিয়াত ব্যস্ত থকাতকৈ উন্নয়নমূলক কাম-কাজত গুৰুত্ব দিবলৈকো পৰামৰ্শ আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীক। বিষয়টোক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে বিৰোধী চিপিএমে।