অৰুণাচলত গুলিয়াই হত্যা কৰি জ্বলাই দিলে অসমৰ মহিলাক, হত্যাকাৰী অৰুণাচলী মহিলাক গ্ৰেপ্তাৰ, দুই শিশুক উদ্ধাৰ

অৰুণাচলত গুলিয়াই হত্যা কৰি জ্বলাই দিলে অসমৰ মহিলাক, হত্যাকাৰী অৰুণাচলী মহিলাক গ্ৰেপ্তাৰ, দুই শিশুক উদ্ধাৰ

author-image
asomiyapratidin
New Update
অৰুণাচলত গুলিয়াই হত্যা কৰি জ্বলাই দিলে অসমৰ মহিলাক, হত্যাকাৰী অৰুণাচলী মহিলাক গ্ৰেপ্তাৰ, দুই শিশুক উদ্ধাৰ

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ কিমিনত অসমৰ গহপুৰৰ এগৰাকী মহিলাক গুলিয়াই হত্যা কৰা ঘটনাত অৰুণাচল প্ৰদেশ আৰক্ষীয়ে এগৰাকী মহিলাক দেওবাৰে গ্ৰেপ্তাৰ কৰাৰ লগতে হত্যাকাণ্ডত ব্যৱহৃত হোৱা পিষ্টলটো জব্দ কৰিছে। উল্লেখ্য যে, অসমৰ পৰা অৰুণাচল প্ৰদেশত ঘৰুৱা কাম কৰিবলৈ মহিলা আৰু শিশুৰ যোগান ধৰা গহপুৰৰ আলেব বসুমতাৰি নামৰ বিবাহিতা মহিলা গৰাকীয়ে যোৱা ৬ মে' তাৰিখে গহপুৰ মিলনপুৰৰ ৰাণী নাৰ্জাৰী নামৰ দুখীয়া মহিলা গৰাকীক তেওঁৰ দুই সন্তান সহ অৰুণাচলৰ নিৰজুলিত থকা এগৰাকী মহিলাৰ ঘৰত বন কৰা মহিলা হিচাপে থৈ গৈছিল।

কিন্তু কেইদিনমান পাছতে নিৰজুলিৰ টাকু মম্পা নামৰ মহিলা গৰাকীয়ে ৰাণিৰ পাঁচ বছৰীয়া কন্যা সন্তান যুগামী নাৰ্জাৰী আৰু তিনি বছৰীয়া পুত্ৰ জামৈ নাৰ্জাৰীক আন এঘৰলৈ স্থানান্তৰিত কৰে। ৰাণিয়ে এই কথাৰ প্ৰতিবাদ কৰে আৰু মনে মনে যোৱা ১২ মে' তাৰিখে নিৰজুলিৰ গহপুৰলৈ পলাই যায়। পলাই গৈ বনকৰা মহিলাৰ দালালি কৰা আলেব বসুমতাৰিক নিজ সন্তানক ঘুৰাই আনিবলৈ দাবী কৰে। সেই মৰ্মে যোৱা ১৫ মে' তাৰিখে আলেব নিৰজুলিলৈ আহে। কিন্তু তাৰ পাছৰে পৰা আলেব সন্ধানহীন হৈ পৰে। যোৱা ১৬ মে' তাৰিখে কিমিনৰ হাৱা কেম্প নামৰ ঠাই খনত অচিনাক্ত মহিলা এগৰাকীৰ এটা জ্বলাই দিয়া মৃতদেহ উদ্ধাৰ হয়।

দেওবাৰে সেই মহিলাগৰাকী অসমৰ আলেব বসুমতাৰি বুলি চিনাক্ত হয় আৰু সমস্ত ঘটনা পোহৰলৈ আহে। আলেবৰ মৃতদেহৰ ওচৰত আৰক্ষীয়ে এটা পিষ্টলৰ গুলি উদ্ধাৰ কৰিছিল। পাছত এই কথা নিশ্চিত হয় যে, আলেবক প্ৰথমে গুলিয়াই হত্যা কৰা হৈছিল আৰু পাছত চিনাক্ত কৰিব নোৱাৰা কৰিবলৈ এচিদ ঢালি জ্বলাই দিছিল।

আনহাতে আলেব নিৰুদ্দেশ হোৱাৰ পাছত আলেবৰ স্বামীয়ে আলেবক বিচাৰি গহপুৰ আৰক্ষীৰ ওচৰ চাপে আৰু দেওবাুৰে মহকুমা আৰক্ষী বিষয়াৰ এটা দলে ইটানগৰ আৰক্ষীৰ সহযোগত তদন্ত আৰম্ভ কৰে। পাছত আৰক্ষীয়ে টাকু মম্পা নামৰ মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰে আৰু লুকুৱাই থোৱা অৱস্থাত এটা এন পি .২২৫ ব'ৰৰ পিস্তল আৰু এটা সজীব গুলী জব্দ কৰিছে।

আনহাতে টাকু মম্পা নামৰ মহিলা গৰাকীয়ে ৰাণী নাৰ্জাৰীৰ দুই সন্তানক নাহৰলগুনৰ অজু ৱেলফেয়াৰ ছ'চাইটিত যোৱা ১৬ তাৰিখে ভুৱা তথ্যা দি জমা দি গৈছিল বুলি আৰক্ষীৰ আগত সৈ কাঢ়ে আৰু দেওবাৰে দুয়োটা শিশুক ইটানগৰ আৰক্ষীয়ে গহপুৰ আৰক্ষীৰ উপস্থিতিত পৰিয়ালৰ লোকক চমজাই দিয়ে।

ইপিনে আলেব বসুমতাৰিৰ বৰ্বৰ হত্যাকাণ্ডৰ প্ৰতিবাদত অসম-অৰুণাচল সীমান্তৰ হলোংগীত দেওবাৰে শতাধিক পুৰুষ মহিলাই প্ৰায় এঘন্টা ধৰি পথ অৱৰোধ কৰি ৰাখে। অৱশ্যে পাছাত আৰক্ষীয়ে আলেবৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা বুলি নিশ্চয়তা প্ৰদান কৰাত পথ অৱৰোধ প্ৰত্যাহৰ কৰে। সম্প্ৰতি হত্যাকাৰী টাকু মম্পাক ইটানগৰৰ মহিলা আৰক্ষী থানাত জেৰা কৰি থকা হৈছে।

অবিবাহিত এই মহিলাগৰাকীয়ে কিয় আলেবক হত্যা কৰিলে সেয়া এতিয়াও নিশ্চিত হোৱা নাই। সন্দেহ কৰা মতে শিশু দুটাক চিৰদিনৰ বাবে বনকৰা ল'ৰা-ছোৱালী হিচাপে ৰাখি থোৱাৰ উদ্দেশ্যেৰে এনেদৰে আলেবক হত্যা কৰিলে। উল্লেখ্য যে, অৰুণাচল প্ৰদেশত এনেদৰে হেজাৰোধিক বনকৰা শিশুক আবদ্ধ কৰি জীৱনভৰ ঘৰুৱা কামত ব্যৱহাৰ কৰাৰ বহু অভিযোগ আছে যদিও আলেবৰ দৰে দালালৰ বাবে আজিও অসমৰ পৰা দাৰিদ্ৰ পৰিয়ালৰ ল'ৰা-ছোৱালীক এনেদৰে অৰুণাচললৈ বনকৰা ল'ৰা-ছোৱালী হিচাপে সৰবৰাহ কৰি থকা হৈছে।