দুটাকৈ বিস্ফোৰণত কপিল মণিপুৰৰ থৌবাল জিলা : অসম ৰাইফলছৰ জোৱান নিহত…

দুটাকৈ বিস্ফোৰণত কপিল মণিপুৰৰ থৌবাল জিলা : অসম ৰাইফলছৰ জোৱান নিহত…

author-image
asomiyapratidin
New Update
দুটাকৈ বিস্ফোৰণত কপিল মণিপুৰৰ থৌবাল জিলা : অসম ৰাইফলছৰ জোৱান নিহত…

ডিজিটেল ডেস্কঃ মণিপুৰত সংঘটিত হৈছে দুটা ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। এই বিস্ফোৰণত অসম ৰাইফলছৰ এজন জোৱান নিহত হৈছে। বুধবাৰে মণিপুৰৰ থৌবাল জিলাৰ লিলং উছোইপোকপি সংগোমচাঙত সংঘটিত হৈছিল এই ভয়ংকৰ বিস্ফোৰণ। দুটা শক্তিশালী আই ই ডি বিস্ফোৰণ হোৱাৰ ফলত অসম ৰাইফলছৰ এজন সৈনিক নিহত হোৱাৰ উপৰিও আন এজন জোৱান আহত হৈছে।

Advertisment

আৰক্ষীয়ে জনোৱা অনুসৰি, অসম ৰাইফলছৰ ১৬ বেটেলিয়নৰ সৈন্যই ৰাজ্যখনৰ দক্ষিণ অংশৰ পাহাৰীয়া অঞ্চলত টহল দি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ ফলত নিহত হোৱা জোৱানজন অৰুণাচল প্ৰদেশৰ ৩০ বছৰীয়া ৰাইফলমেন এল ৱাংচু বুলি চিনাক্ত কৰা হৈছে।

আনহাতে ত্ৰিপুৰাৰ ২৮ বছৰীয়া পিংকু দাস এই বিস্ফোৰণত আঘাতপ্ৰাপ্ত হৈছ। আহত পিংকুক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।জিলাখনৰ আৰক্ষী অধীক্ষক এইচ যোগেশচন্দ্ৰই সংবাদ মাধ্যমক কৈছে যে, আই ই ডিটো এনে এটা ঠাইত পোৱা হৈছিল য'ত জোৱানসকলে সাধাৰণতে টহল দিয়ে।

এই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে। উল্লেখ্য যে, বুধবাৰৰ আইইডি বিস্ফোৰণৰ সৈতে মণিপুৰত বিগত দুটা মাহৰ ভিতৰত এনেধৰণৰ চতুৰ্থটো বিস্ফোৰণ। এই বিস্ফোৰণৰ দায়িত্ব বৰ্তমানেও কোনো বিদ্ৰোহী সংগঠনে স্বীকাৰ কৰা নাই। বিস্ফোৰণৰ সৈতে কোন জড়িত আছে তাৰ তথ্য পোহৰলৈ অহা নাই।