ক’হিমাত অস্ত্ৰসহ এন এছ চি এন (কে)ৰ দুজন দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ আছাম ৰাইফলছৰ

ক’হিমাত অস্ত্ৰসহ এন এছ চি এন (কে)ৰ দুজন দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ আছাম ৰাইফলছৰ

author-image
asomiyapratidin
New Update
ক’হিমাত অস্ত্ৰসহ এন এছ চি এন (কে)ৰ দুজন দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ আছাম ৰাইফলছৰ

ডিজিটেল সংবাদ, ৱাখাঃ বিশেষ খবৰৰ ভিত্তিত আছাম ৰাইফলছে সোমবাৰে ৰাজধানী ক'হিমাত অভিযান চলাই ম্যানমাৰস্থিত এন এছ চি এন কেৰ আউং য়ুংগৰ গোটৰ দুজন দুৰ্ধষ কেডাৰক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছে। বিদ্ৰোহী দুজনৰ পৰা সেনাই পিষ্টল, হেণ্ড গেনেড, বিস্ফোৰক সামগ্ৰী আৰু ধন দাবীপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

সেনাৰ মুখপাত্ৰ কৰ্ণেল চি কোঁৱৰে ক'হিমাত সদৰী কৰা মতে গ্ৰেপ্তাৰ কৰা এন এছ চি এনৰ সদস্য দুজন নাগালেণ্ডৰ ঝুনহবু'ট জিলাৰ গিলিয়েট ঝিম আৰু ডিমাপুৰ হমলেণ্ড গাঁৱৰ স্বয়ম্ভূ কেপ্তেইন হেকেহাজ অৱমি কানবো বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, ধৃত বিদ্ৰোহী দুয়োজনে দীৰ্ঘদিনৰ পৰা ডিমাপুৰ আৰু ক'হিমাত অস্ত্ৰৰ সৰবৰাহ কামত জড়িত আহিছিল।