অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ

অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ

author-image
asomiyapratidin
New Update
অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ

প্ৰতিদিন সংবাদ, ডিজিটেল ডেস্কঃ শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগ। সুদীপ্ত সৰকাৰ নামৰ কৃষি অভিযান্ত্ৰিক বিভাগৰ অধ্যাপকজনৰ বিৰু্দ্ধে এই অভিযোগ উত্থাপন কৰিছে বিভাগটোৰে এগৰাকী ছা্ত্ৰীয়ে।

উল্লেখযোগ্য যে পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ প্ৰলোভনেৰে ছাত্ৰীগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল অধ্যাপক সৰকাৰে। কৃষি অভিযান্ত্ৰিক বিভাগৰ মূৰব্বী অধ্যাপকজনৰ বিৰুদ্ধে গোচৰ তৰিছিল নিৰ্যাতনৰ বলি হোৱা ছাত্ৰীগৰাকীয়ে।

তাৰ পিছতেই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যাপকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ আৰু ঘটনাৰ প্ৰাথমিক অনুসন্ধানৰ অন্তত অভিযুক্ত অধ্যাপক সৰকাৰক নিলম্বন কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।