ইউ জি চিৰ নেট, গেট, শ্লেটত কৃতকাৰ্য সকলো শিক্ষাৰ্থীক সমুদায় মাচুল ঘূৰাই দিলে ইউ এছ টি এমে…

ইউ জি চিৰ নেট, গেট, শ্লেটত কৃতকাৰ্য সকলো শিক্ষাৰ্থীক সমুদায় মাচুল ঘূৰাই দিলে ইউ এছ টি এমে…

author-image
asomiyapratidin
New Update
ইউ জি চিৰ নেট, গেট, শ্লেটত কৃতকাৰ্য সকলো শিক্ষাৰ্থীক সমুদায় মাচুল ঘূৰাই দিলে  ইউ এছ টি এমে…

ডিজিটেল সংবাদ, ন মাইলঃ ইউনিভাৰৰ্চিটি অৱ চায়েঞ্চ এণ্ড টেকনলেজী মেঘালয়ত যোৱা ২৭ ছেপ্তেম্বৰত নৱাগত সকলক উদ্দেশ্যি অনুষ্ঠিত কৰা অৰিয়েন্টেশ্যন প্ৰগ্ৰেমত বিশ্ব বিদ্যালয়খনৰ পে' বেক পলিচীৰ আধাৰত ২০১৯ চনৰ নেট, গেট, শ্লেটৰ প্ৰতিযোগিতামূলক পৰীক্ষাত কৃতকাৰ্য লাভ কৰা মুঠ ৫৮ জন শিক্ষাৰ্থীক পাঠ্যক্ৰমৰ সমুদায় মাচুল ঘূৰাই দিয়া হয়। বিশ্ববিদ্যালয়খনৰ এই কৃতী শিক্ষাৰ্থীসকলৰ সফলতা উদযাপনৰ লগতে ইউ এছ টি এমৰ মুখ্য প্ৰেক্ষাগৃহত শুকুৰবাৰে মেঘালয়ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী আলেকজেণ্ডাৰ লালু হেকে ইউ এছ টি এমৰ স্কুৱ অৱ ফাৰ্মাচেউলীকেল চায়েন্সছৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উল্লেখ্য যে, ইউ এছ টি এমত ফাৰ্মাচী কাউন্সিল অৱ ইণ্ডিয়াৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত এই স্কুল চলিত বৰ্ষৰ পৰা আৰম্ভ হৈছে।

বিশ্ববিদ্যালয়খনত অনুষ্ঠিত এই গাম্ভীৰ্যপূণ অনুষ্ঠানটোত দেশ তথা ৰাজ্যৰ প্ৰখ্যাত চিকিৎসক ড০ ইলিয়াচ আলিকো সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মেঘালয়ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী আলেকজেণ্ডাৰ লালু হেকে কয় যে, বিশ্ববিদ্যালয়সমূহে সামাজিক উন্নয়নৰ হকে কাম কৰা উচিত আৰু এই ক্ষেত্ৰত ইউ এছ টি এমে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলক সমুদায় মাচুল উভতাই দি এক নিদৰ্শন দাঙি ধৰিছে।' এই অনুষ্ঠানে মন্ত্ৰী শ্ৰী আলেকজেণ্ডাৰ লালু হেকে কৃতকাৰ্য লাভ কৰা শিক্ষাৰ্থীসকলক বিশ্ববিদ্যালয়খনৰ ২০০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত বটাঁ প্ৰদান কৰে।

ইফালে 'পৰিয়াল পৰিকল্পনাৰ জিহদী' নামেৰে খ্যাত পদ্মশ্ৰী ইলিয়াচ আলিয়ে অনুষ্ঠানটোত বক্তৃত্তা প্ৰদান কৰি কয়- ইউ এছ টি এমে ঔষধ আৱিষ্কাৰ তথা গৱেষণাৰ ক্ষেত্ৰত গুৰুত্ব দি মানৱ সেৱাৰ ক্ষেত্ৰখনত যথেষ্ট অৱদান আগবঢ়াব পাৰে।' অনুষ্ঠানটোত বক্তব্য ৰাখি ইউ এছ টি এমৰ আচাৰ্য্য শ্ৰী মহবুল হকে কয়, ' আমি বিশ্বমানৰ তথা ভাৰতৰ আগশাৰীৰ প্ৰতিষ্ঠান সমূহৰ পদাংক অনুসৰন কৰি আহিছো। আমাৰ মুখ্য উদ্দেশ্য হৈছে মেধাৱী শিক্ষাৰ্থীসকলে যাতে আৰ্থিক দুৰৱস্থাৰ বাবে উচ্চশিক্ষাৰ সপোন বাদ দিব লগা নহয়, ইয়াৰ বাবে আমি দায়ৱদ্ধ।

ইউ এছ টি এমপ স্কুৱ অৱ ফাৰ্মাচেউলীকেল চায়েন্সছৰ অধ্যক্ষা ড০ টিউবাচুবন উৰিয়া খাৰবিংগাৰে অনুষ্ঠানটোত বক্তৃতা ৰাখি কয় যে, এই ফাৰ্মাচী কলেজখন মেঘালয়ৰ প্ৰথমখন ফাৰ্মাচী কলেজ, ইয়াক লৈ সমূহ মেঘালয়বাসী সুখী। এক আদৰ্শ শিক্ষানুষ্ঠান গঢ়ি তুলিবলৈ হলে শিক্ষাৰ্থী, শিক্ষক তথা ইয়াৰ সৈতে জড়িত সকলো ব্যক্তি আৰু অনুষ্ঠানৰ সাকাৰাত্মক সহযোগিতাৰ প্ৰয়োজন। অনুষ্ঠানটো ইন্টাৰনেচনেল চেন্টাৰ ফৰ গান্ধীয়ান ষ্টাডিছৰ অবৈতনি সঞ্চালিকা অলকা শৰ্মাৰ শলাগৰ শৰাইৰে সামৰণি পৰে।