/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/D0KxVSSVsAEemmk.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ প্ৰতিবাদত উত্তপ্ত অৰুণাচল এতিয়া যেন এক জলন্ত অগ্নিপিণ্ডত পৰিণত হৈছে। দেওবাৰৰ পুৱাৰ ভাগতে ইটানগৰ থানাৰ উপৰি উপ-মুখ্যমন্ত্ৰী চাওনা মেইনৰ চাৰিমহলীয়া ব্যক্তিগত বাসভৱন জ্বলাই দিয়াৰ ঘটনাৰ পাছত শুকুৰবাৰে গুলীবিদ্ধ হৈ মৃত্যু বৰণ কৰা ৰিছ' তাৰীৰ মৃতদেহ আই জি পাৰ্কস্থিত বিজেপি কাৰ্যালয়ৰ চৌহদতে কবৰ দিয়াৰ বাবে সমবেত হোৱা ৰাইজৰ প্ৰতিবাদৰ বহ্নিত স্বয়ং মুখ্যমন্ত্ৰী পেমা খান্দু বাসভৱনৰ পৰা পলাই গৈ ৰাজভৱনত আশ্ৰয় ল'ব লগা এক পৰিস্থিতিৰ সৃষ্টি হৈছে।
#WATCH Permanent residence certificate row: Violence broke out in Itanagar during protests against state's decision to grant permanent resident certificates to non-#ArunachalPradesh Scheduled Tribes of Namsai & Chanaglang; Deputy CM Chowna Mein's private house also vandalised. pic.twitter.com/FrcmqWbL8c
— ANI (@ANI) February 24, 2019
ইফালে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী-চিআৰপিএফ, আই টি বি পিৰ বৃহৎ সংখ্যক লোক ইটানগৰ আৰু অৰুণাচলত নিয়োগ কৰাৰ লগতে দেওবাৰে বিয়লি মুখ্যমন্ত্ৰীৰ বাসভৱন জ্বলাবলৈ যোৱা ৩ সহস্ৰাধিক উন্মত্ত লোকক ছত্ৰভংগ দিয়াবলৈ চলোৱা গুলীচালনাত দুজন যুৱক নিহত আৰু ৮জন আহত হৈছে। নিহত দুজনৰ ভিতৰৰে বিকী ৰুজা (২০) হ'ল দেৰা নাটুম কলেজৰ স্নাতক চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ। আনজন চেৰিং ৱাংগড়ে (৩৪) টাৱাঙৰ বাসিন্দা আৰু ব্যৱসায়ী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/D0KxVUAVAAEf8gb.jpg)
শনিবাৰৰ পৰা ইটানগৰ আৰু নাহৰলগুনত সংঘটিত ঘটনাত স্বয়ং মুখ্যমন্ত্ৰী-উপমুখ্যমন্ত্ৰীৰ বাসভৱন তথা ব্যৱসায়িক প্ৰতিষ্ঠান ধ্বংস হোৱাৰ উপৰিও শাসক দল বিজেপিৰ সভাপতি তাতিৰ গাৱ'ৰ হাতীমাখাত থকা ব্যৱসায়িক ভৱন, বনমন্ত্ৰী নবাম ৰেবিয়াৰ পাকাৰ কমপ্লেক্স নামৰ তিনিমহলীয়া ব্যৱসায়িক প্ৰতিষ্ঠানৰ ৪০খনকৈ দোকান, উপসভাপতি পামে পাচাঙৰ নাহৰলগুনস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানত থকা ছোহাম শ্বপিং মলত লুটপাত, নাহৰলগুন থানাত আক্ৰমণ, বিধায়ক তেছি কেশৰ চি ছেক্টৰস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানত থকা এডিডাছৰ বিক্ৰী কেন্দ্ৰৰ সমস্ত বয়-বস্তুৰ লুটপাত আদিৰ দৰে অজস্ৰ ঘটনা সংঘটিত হৈছে।
যি সময়ত খোদ মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰী, মন্ত্ৰীকে ধৰি বিভিন্ন চৰকাৰী মুৰব্বীৰ বাসভৱন আৰু শাসকীয় দলনেতাৰ ব্যৱসায়িক প্ৰতিষ্ঠান ক্ষোভৰ বহ্নিত জাহ যাব লগা হৈছে, তেনে পৰিস্থিতিত অৰুণাচলপ্ৰদেশৰ বিভিন্ন স্থানত সৰ্বসাধাৰণ লোক কেনে পৰিস্থিতিৰ সন্মুখীন হৈছে সেয়া সহজেই অনুমেয়। এই বাতৰি লিখা সময়তো মন্ত্ৰী নবাম ৰেবিয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে ইয়াৰ কাষতে থকা এপেক্স বেংকৰ শাখাটোতো জুই জ্বলি আছে। ৬ ঘণ্টা ধৰি অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাৰ চেষ্টা কৰিছে যদিও সফল হ'ব পৰা নাই। বেংকটোৰ তিনিটা এটিএমো ভাঙি পেলোৱা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/D0KxVQsV4AIMV1L.jpg)
অৱশ্যে নাহৰলগুণ থানা জ্বলাবলৈ চলোৱা প্ৰচেষ্টা ৪০ মিনিটজোৰা গুলীচালনা আৰু কন্দোৱা গেছ নিক্ষেপেৰে ব্যৰ্থ কৰিবলৈ সক্ষম হয় নিৰাপত্তাৰক্ষী। শুকুৰবাৰে ইন্দিৰা গান্ধী পাৰ্কত অনুষ্ঠিত অৰুণাচল ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ মণ্ডপ, যান-বাহন, সা-সম্পত্তিসহ জ্বলাই দিয়াৰ পাছত অৱশিষ্ট যিখিনি বাচি গৈছিল দেওবাৰে সন্ধিয়া সেইখিনিও জ্বলাই দিয়ে প্ৰতিবাদকাৰীৰ নামত উন্মত্ত দুষ্কৃতিকাৰীয়ে। দুখন আৰক্ষীৰ গাড়ীও জ্বলাই দিয়া হয়।
ইটানগৰত মুখ্যমন্ত্ৰী পেমা খান্দু বাসভৱন জ্বলাবলৈ যোৱা অৱস্থাত নিৰাপত্তাৰক্ষীৰ ধাৰাসাৰ গুলীবৰ্ষণৰ বিপৰীতে পাহাৰৰ ওপৰৰ পৰা উন্মোত্ত প্ৰতিবাদকাৰীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত শিলাবৰ্ষণ কৰে। ফলত গুলীচালনাত দুজন নিহত আৰু ৮জন প্ৰতিবাদকাৰী আহত হোৱাৰ বিপৰীতে উন্মত্ত প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণত বহু কেইজন নিৰাপত্তাৰক্ষীও আহত হয়। ইয়াৰে দুজনক গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ উপৰি বাকীসকলক ইটানগৰ, নাহৰলগুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/arunachal-yupdatrs-daface.jpg)
আনহাতে, উন্মত্ত জনতাৰ আক্ৰমণৰ পৰা বাচিবলৈ চৰকাৰী বাসভৱনৰ পৰা স্বয়ং মুখ্যমন্ত্ৰীয়ে পলায়ন কৰি ৰাজভৱনত আশ্ৰয় গ্ৰহণ কৰাৰ পাছত সন্ধিয়া দিল্লীৰ পৰা সামৰিক বাহিনীৰ হেলিকপ্টাৰেৰে আহি উপস্থিত হৈছেহি অৰুণাচলৰ ৰাজ্যপাল (অঃ ব্ৰিগেডিয়াৰ) বি ডি মিশ্ৰা। ৰাজভৱনত উপস্থিত হোৱাৰ পাছতেই ৰাজ্যপালগৰাকীয়ে অনুষ্ঠিত কৰে এক সৰ্বদলীয় বৈঠক। বাতৰি লিখাৰ সময়লৈকে চলি থকা এই বৈঠকত ৰাজ্যখনৰ নিয়ন্ত্ৰণহীন পৰিস্থিতিত বিধানসভা ভংগ কৰাৰ দৰে সিদ্ধান্ত গ্ৰহণ সন্দৰ্ভতে আলোচনা কৰা বুলি জানিব পৰা গৈছে। অৰ্থাৎ দেওবাৰে নিশা নহ'লেও, সোমবাৰে বিধানসভা ভংগৰ লগতে অৰুণাচলত ৰাজ্যপালৰ শাসন প্ৰবৰ্তনৰ সম্ভাৱনাও প্ৰায় স্পষ্ট হৈ উঠিছে।
ইফালে, ইয়াৰ পূৰ্বে দেওবাৰে দিনৰ ভাগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পাহাৰীয়া ৰাজ্যখনত অনা-অৰুণাচলী কোনো লোকেই স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নাপাব বুলি এক নতুন অধিসূচনা জাৰি কৰা হয়। প্ৰণিধানযোগ্য যে, অনা-অৰুণাচলীক পিআৰচি প্ৰদানৰ প্ৰসংগক কেন্দ্ৰ কৰিয়েই দুদিন পূৰ্বে আৰম্ভ হোৱা ক্ষোভৰ জুয়ে ৭২ঘণ্টাৰ ভিতৰতে ৰাজ্যখন অগ্নিপিণ্ডত পৰিণত কৰিলে। আজিৰ পৰিস্থিতি ইমানেই ভয়াৱহ যে, চৰকাৰে অনা-অৰুণাচলীক পিআৰচি প্ৰদানৰ বাবে গ্ৰহণ কৰা পদক্ষেপ বাতিল কৰি নতুন অধিসূচনাৰে এই নিষিদ্ধ কৰাৰ খবৰে কাকো শান্ত কৰিব পৰা নাই। নিশাৰ ভাগতো বিভিন্ন স্থানত বিক্ষিপ্তভাৱে দোকান-পোহাৰ, যান-বাহন আদিত অগ্নিসংযোগৰ ঘটনা, পাহাৰৰ পৰা বল্ডাৰ নিক্ষেপৰ ঘটনা আদি অব্যাহত আছে।
ঘটনাস্থলীলৈ যোৱা বহু সংবাদকৰ্মীৰ কেমেৰা কাঢ়ি নি ভাঙি পেলোৱাৰ লগতে যান-বাহনো ধ্বংস কৰা হৈছে। আৰক্ষীৰ লোকেও সাংবাদিকৰ কেমেৰা কাঢ়ি নিছে। অসম বা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা গৈ শিক্ষা আৰু সংবাদসেৱাৰ লগতে ব্যৱসায়ৰ প্ৰয়োজনত ইটানগৰ আৰু অৰুণাচলত থাকিব লগা হোৱা সকলৰ মাজত আতংক ভৰা এক পৰিৱেশ বিৰাজ কৰিছে। যি সময়ত স্বয়ং মুখ্যমন্ত্ৰীৰেই নিৰাপত্তা নাই, সেই সময়ত এই সকলৰ নিৰাপত্তাৰ বিষয়টো চৰকাৰ তথা প্ৰশাসনৰ বাবে একপ্ৰকাৰ গৌণ হৈ পৰিছে।