অৰুণাচলৰ চাংলাঙত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এম শিবিৰ ধবংস আছাম ৰাইফলছৰ…

অৰুণাচলৰ চাংলাঙত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এম শিবিৰ ধবংস আছাম ৰাইফলছৰ…

author-image
asomiyapratidin
New Update
অৰুণাচলৰ চাংলাঙত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এম শিবিৰ ধবংস আছাম ৰাইফলছৰ…

ডিজিটেল সংবাদ , ৱাখাঃ যোৱা দেওবাৰে পৃথক পৃথক অভিযানত আছাম ৰাইফলছে অৰুণাচল প্ৰদেশৰ চাংলাঙত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমৰ এটা অস্থায়ী শিবিৰ ধবংস কৰাৰ লগতে বৃহৎ সংখ্যক অস্ত্ৰৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে দেওবাৰে বিশেষ খবৰৰ ভিত্তিত আছাম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে যৌথ অভিযান চলাই অৰণ্য মাজত থকা এন এছ চি এন আই এমৰ এটা শিবিৰ নষ্ট কৰি পেলায়। সেনাই শিবিৰটোৰ পৰা এ কে ছিৰিজৰ ৰাইফল , গুলী আৰু অন্য যুদ্ধ সামগ্ৰী উদ্ধাৰ কৰে ।আছাম ৰাইফলছে দক্ষিণ অৰুণাচলত সক্ৰিয় হৈ এন এছ চি এন আই এমৰ বিৰুদ্ধে এই অভিযান চলা বুলি প্ৰকাশ কৰিছে ।