/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/f743ca2a-f780-465a-ac94-bd07a37f932f.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ পৰিস্থিতি ক্ৰমাৎ সাম কাটিছে ইটানগৰত৷ বিগত কেইদিনৰ ভয়াবহ প্ৰতিবাদ আৰু সংঘৰ্ষত দুজন প্ৰতিবাদকাৰী নিহত হোৱাৰ পাছত পৰিস্থিতি জটিল হৈ পৰিছিল যদিও অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে নিশা প্ৰতিবাদকাৰীয়ে ইটানগৰৰ গংগা মাৰ্কেটত কেইবাখনো দোকান ভাঙি চুড়মাৰ কৰে আৰু দোকানৰ সামগ্ৰী লুটপাত কৰে৷ পাছত ইটানগৰ বজাৰ কল্যান কমিটিৰ সদস্যই সামগ্ৰী লুট কৰা কেইবাজনো যুৱক-যুৱতীক আটক কৰি ৰচিৰে বান্ধি থয়৷ পাছত তেওঁলোকক আৰক্ষীক চমজাই দিয়ে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/2634f216-4f29-4d59-981b-7ad81d028542.jpg)
একেদৰে নাহৰলাগুনত তথাকথিত প্ৰতিবাদকাৰীয়ে বহুকেইখন দোকানৰ চাটাৰ ভাঙি সামগ্ৰী লুট কৰি নিয়ে৷ নিশা নাহৰলগুনত নিৰাপত্তাৰক্ষী কম হোৱা বাবে দুস্কৃতিকাৰীয়ে বিনা বাধাই চনী কোম্পানীৰ শ্বৰূমৰ পৰা কোটী টকা মূল্যৰ ইলেকট্ৰনিক সামগ্ৰী লুট কৰি নিয়ে৷ একেদৰে নাহৰলগুনৰ জি এক্সটেনচনৰ এখন বন্দুকৰ দোকানৰ গ্ৰিল ভাঙি বহুকেইটা বন্দুক আৰু গুলি লুট কৰি নিয়ে৷ অৱশ্যে পাছত সাতজন লোকক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সকলৰ মাজত তিনিজন অনা অৰুণাচলীও আছিল বুলি জানিব পৰা গৈছে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/4111bf56-ff0e-48a0-bacc-2ca8695f8b4b.jpg)
ইপিনে সোমবাৰে মুখ্যমন্ত্ৰী পেমা খান্দুৱে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ জনকল্যাণ সংস্থাসমূহৰ লগতে বহুকেইটা বেচৰকাৰী সংগঠনৰ নেতা সকলৰ লগত এক বৈঠকত মিলিত হয়৷ ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিত সকলো জাতীয় সংগঠনক শান্তি স্থাপনৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় আৰু সংগঠনসমূহেও মুখ্যমন্ত্ৰীক সহযোগিতাৰ আস্বাস দিয়ে৷ অৱশ্যে মুখ্যমন্ত্ৰীয়ে সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিকো এক সৰ্বদলীয় সভালৈ আহ্বান জনাইছিল যদিও কোনো এটা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধি সভালৈ নাহিল৷ আনকি পাঁচজনকৈ বিধায়ক থকা নেডাৰ সদস্য এন পি পিৰো কোনো বিধায়ক সভালৈ নাহিল৷
ইয়াৰ লগতে সোমবাৰেও ইটানগৰৰ বিভিন্ন ঠাইত চেগা চোৰোকাকৈ দুই এটা অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে৷ প্ৰাক্তন মন্ত্ৰী বিদা টাকুৰৰ ইটানগৰত থকা বাসভৱনটো একাংশ লোকে আক্ৰমন কৰি ভাঙি পেলায়৷
উল্লেখ্য যে, বিদা টাকুৱে অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লেকাঙৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে দীৰ্ঘদিন ধৰি প্ৰচাৰ চলাই আছে৷ সেই সমষ্টিৰ অনা-অৰুণাচলীক পি আৰ চি প্ৰদানৰ দাবীত তেওঁ প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছিল৷ সেয়ে প্ৰতিবাদকাৰীয়ে তেওঁৰ ব্যক্তিগত বাসভৱনটোক আক্ৰমনৰ লক্ষ্য কৰি লয়৷
উল্লেখ্য যে, অৰুণাচলৰ পৰিস্থিতি কিছু সাম কটাৰ পিছতে সোমবাৰে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী পেমা খান্দুৱে। নিৰাপত্তাৰক্ষীৰ গুলিত নিহতৰ পৰিয়াললৈ ২০ লাখ টকাৰ ক্ষতিপুৰণৰ লগতে পৰিয়ালৰ নিকটাত্মীয়লৈ চৰকাৰী চাকৰি প্ৰদানৰ কথা ঘোষণা কৰে সংবাদমেলত৷ ইফালে আহত সকললৈ ১০লাখ টকাৰ সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰা হয়৷
তেওঁ সংবাদমেলত কয় যে, তদন্তত পোহৰলৈ আহিব প্ৰতিবাদৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত কৰাৰ আঁৰৰ অপশক্তি৷ অগ্নিকাণ্ডত নষ্ট হোৱা গাড়ী আৰু সম্পত্তিৰ বাবে চকৰাৰে ক্ষতিপুৰণৰ বাবে কমিটি গঠন কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে৷ ৰাষ্ট্ৰপতি শাসনৰ বাবে বিৰোধীয়ে দাবী কৰিছিল যদিও দাবী নাকচ কৰে পেমা খান্দুৱে৷ উল্লেখ্য যে, অৰুণাচলত চলচিত্ৰ সমাৰোহত অংশ ল'বলৈ গৈ আক্ৰমণৰ সন্মুখীন হৈছিল অসমৰ শিল্পীৰ দল।