অসম-মেঘালয়ত চৰকাৰৰ আপত্তি নাই, অৰুণাচলত টোলগেটৰ প্ৰস্তাৱক লৈ আপত্তি খোদ মুখ্যমন্ত্ৰীৰ…

অসম-মেঘালয়ত চৰকাৰৰ আপত্তি নাই, অৰুণাচলত টোলগেটৰ প্ৰস্তাৱক লৈ আপত্তি খোদ মুখ্যমন্ত্ৰীৰ…

author-image
asomiyapratidin
New Update
অসম-মেঘালয়ত চৰকাৰৰ আপত্তি নাই, অৰুণাচলত টোলগেটৰ প্ৰস্তাৱক লৈ আপত্তি খোদ মুখ্যমন্ত্ৰীৰ…

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশতো ৰাষ্ট্ৰীয় ঘাইপথত টোল গেট স্থাপনৰ প্ৰস্তাব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ। ইটানগৰ-বান্দৰদেৱাৰ মাজত নিৰ্মাণ কৰি থকা চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ তৃতীয় পৰ্যায়ৰ কামৰ প্ৰাককলনত এই প্ৰস্তাব ৰখা হৈছে বুলি প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে। সোমবাৰে পুৱাই নিৰ্মীয়মান চাৰিলেনযুক্ত ঘাইপথৰ নিৰ্মান কাৰ্য চৰজমিন অনুসন্ধান কৰিবলৈ যোৱা মুখ্যমন্ত্ৰী পেমা খান্দুৱে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। অৱশ্যে অসমত আৰু মেঘালয়ত টোলগেটক লৈ কোনো আপত্তি দৰ্শোৱা নাই দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে। কিন্তু অৰুণাচলপ্ৰদেশৰ খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াক লৈ আপত্তি প্ৰকাশ কৰিছে।

Advertisment

অৱশ্যে মুখ্যমন্ত্ৰী পেমা খান্দুৱে বলিষ্ঠভাবে কয় যে- অৰুণাচল প্ৰদেশত এনে টোল গেট স্থাপন কৰাটো ৰাজ্যখনৰ বাবে লাভজনক নহ'ব। উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা বান্দৰদেৱালৈ প্ৰায় ৩৪ কিলোমিটাৰ পথ চাৰিলেনযুক্ত কৰাৰ কাম চলি আছে। ইয়াৰে তৃতীয় পৰ্যায়ত নিৰজুলিৰ পৰা  বান্দৰদেৱাৰ মাজৰ প্ৰায় ৭ কিলোমিটাৰ পথ নিৰ্মাণৰ প্ৰস্তাবত সেই পথচোৱাত টোল গেট স্থাপনৰ প্ৰস্তাব ৰখা হৈছে। সোমবাৰে মুখ্যমন্ত্ৰী পেমা খান্দুৱে আওপকীয়াকৈ অৰুণাচল প্ৰদেশত ঘাইপথত টোল গেট স্থাপনৰ বিৰোধিতা কৰিলে।