আজৱ ঘটনাঃ চৰকাৰী কাৰ্যালয়ত চৰকাৰেই লগালে তলা…

আজৱ ঘটনাঃ চৰকাৰী কাৰ্যালয়ত চৰকাৰেই লগালে তলা…

author-image
asomiyapratidin
New Update
ভুৱা এনকাউণ্টাৰঃ ৰাজ্য চৰকাৰক ২ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ…

ডিজিটেল সংবাদ ইটানগৰ: অৰুণাচল প্ৰদেশৰ লোকনিৰ্মাণ বিভাগত সংঘটিত হৈছে এক আজব ঘটনা। কোনো প্ৰতিবাদী সংগঠনে নহয়, খোদ জিলা উপায়ুক্তই "চিল" কৰিলে এখন ৰাজ্যৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়। শনিবাৰে দিনৰ ১১ বজাত আৰক্ষীৰ দল লগত লৈ জিলা উপায়ুক্ত ইটানগৰৰ ম'ব-২ ত থকা লোক নিৰ্মাণ বিভাগৰ পশ্চিম সংমণ্ডলৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত উপস্থিত হয়হি আৰু কাৰ্যাযলয়টোত থকা মুঠ ২১ টা কোঠা 'চিল' কৰি দিয়ে। পাপুমপাৰে জিলা সত্ৰ ন্যায়াধীশ নানী গ্ৰায়ুয়ে দিয়া এক ৰায়ৰ বাবেই মুখ্য অভিযন্তাৰ কাৰ্যালয়ত তলা লগাব লগা হয় জিলা উপায়ুক্তই।

Advertisment

২০১৩ চনতে কাম সম্পূৰ্ণ কৰা এম এছ টামা ফেব্ৰিকেছন ৱৰ্কছ নামৰ প্ৰতিষ্ঠান এটাক গড়কাপ্তানী বিভাগে দীৰ্ঘদিন ধৰি বিলৰ ধন আদায় দিয়ি নাছিল। পাছত সংশ্লিষ্ট ঠিকাদাৰজনে প্ৰাপ্য ধন বিচাৰি আদালতৰ দ্বাৰস্থ হ'য়। আদালতে গোচৰটোৰ শুনানী গ্ৰহণ কৰি তোলা ৪ জানুৱাৰীত জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশকক অৰুণাচল প্ৰদেশ চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ পশ্চিম সংমণ্ডলৰ কাৰ্যালয়টো তলা মাৰি কাৰ্যালয়টোৰ মুঠ সম্পত্তিৰ তালিকা আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

পাছে জিলা উপায়ুক্তই ৪ জানুৱাৰীৰ নিৰ্দেশটো কাৰ্য্যকৰি নকৰাত যোৱা ১০ ফেব্ৰুৱাৰীত আদালতে পুনৰ এক নিৰ্দেশ জাৰি কৰি কাৰ্যালয়টোত তলা লগোৱাৰ লগতে কাৰ্যালয়টোৰ সমস্ত সম্পত্তিৰ তালিকা এসপ্তাহৰ ভিতৰত আদালতত দাখিল কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে। অন্যথাই জিলা উপায়ুক্তৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব বুলি আদালতে সকিয়াই দিয়ে।

উল্লেখ্য যে শনিবাৰে মুখ্য অভিযন্তাৰ কাৰ্যালয়ত তলা লগোৱাৰ সময়ত মুখ্য অভিযন্তা টায়ৰ টালুম উপস্থিত নাছিল। আনহাতে কাৰ্যালয়টো আৰু ইয়াৰ সম্পত্তি নিলাম কৰি ঠিকাদাৰক অনাদায় বিল পৰিশোধ কৰা সন্দৰ্ভত জিলা আদালতে অহা ২১ ফেব্ৰুৱাৰীত চূড়ান্ত ৰায় প্ৰদান কৰিব। অৰুণাচল প্ৰদেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আদালতৰ নিৰ্দেশত চৰকাৰী কাৰ্যালয়ত চৰকাৰেই তলা লগোৱাৰ ঘটনা সংঘটিত হৈছে।

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ লোকনিৰ্মাণ বিভাগটো বৰ্তমান মুখ্যমন্ত্ৰী পেমা খান্দুৰ হাততে আছে আৰু স্বয়ং মুখ্যমন্ত্ৰীৰ অধীনৰ বিভাগতে আদালতে তলা লগোৱাৰ নিৰ্দেশ দিয়া ঘটনাই ৰাজ্যখনৰ শোচনীয় বিত্তীয় পৰিস্থিতিহে স্পষ্ট কৰি দিছে।