/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/32177718-5009-4cbc-8a78-c057368c2217.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ ১১ এপ্ৰিলত ভোটদান সম্পন্ন হোৱাৰ পাছত অৰুণাচলত পুনৰ ভোটগ্ৰহণ হৈছিল দুটাকৈ পৰ্যায়ত৷ ২১ এপ্ৰিলত ১৯ টা সমষ্টি আৰু ২৭ এপ্ৰিলত ১৮ টা সমষ্টিৰ সৈতে মুঠ ৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোট গ্ৰহণ হৈছিল অৰুণাচল প্ৰদেশত৷ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত কুকুং কুমে আৰু ক্ৰা দাদী জিলাত ২৭ এপ্ৰিলত ১৭ টা ভোট কেন্দ্ৰত অৰুণাচল পশ্চিম লোক সভা সমষ্টি আৰু চাৰিটা বিধান সভা সমষ্টিৰ বাবে ভোটদান হৈ যায়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/b0023869-7742-4f28-8736-9cefa92c99b9.jpg)
কিন্তু ব্যাপক নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ পাছতো টালি বিধানসভা সমষ্টিৰ গিম্বা নামৰ ভোটকেন্দ্ৰটোত এটা বিশেষ ৰাজনৈতিক দলৰ কৰ্মী আৰু দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰি ভোটকেন্দ্ৰ দখল কৰি লয়৷ ইয়াকে কেন্দ্ৰ কৰি সেই ভোট কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণৰ দাবীত সোমবাৰে বিৰোধী ৰাজনৈতিক দলৰ সমৰ্থকে কুৰুংকুমে জিলা সদৰ কলৰিয়াঙত থকা জিলা উপায়ুক্তৰ কাৰ্যালয়টোত আক্ৰমণ কৰি উপায়ুক্তক কাৰ্যালয়ৰ পৰা বাহিৰ কৰি দিয়ে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/e5430331-e6f7-40a7-95fd-d15c8ed187f2.jpg)
এন পি পি দলৰ বুলি সন্দেহ কৰা ৭০-৭৫ জনীয়া যুবকৰ দল এটাই পুৱা ১১ বজাত কাৰ্যালয়টোৰ চকী-মেজ আৰু অন্যান্য আচবাব ভাঙি পেলাই৷ হাতে হাতে দা-লাঠি লৈ অহা দলটোৱেে আনকি সম্পন্ন হৈ যোৱা পুনৰ ভোটগ্ৰহণৰ ই ভি এম কেইটা ষ্ট্ৰং ৰূমৰ পৰা বলপূৰ্বক কাঢ়ি নিয়াৰ চেষ্টা কৰে৷ যুৱকৰ দলটোৱে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়টো আক্ৰমন কৰে৷ আনহাতে কলৰিয়াঙত থকা হেলিপেডটো অগ্নি সংযোগ কৰে দুৰ্বৃত্তই। অৱশ্যে কথমপি জুই বিয়পি নপৰাত হেলিপেডটো ৰক্ষা পৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/6932d4cd-1ef9-4419-944e-efea9f0cf7d2.jpg)
উল্লেখ্য যে, যোৱা ২৫ এপ্ৰিলত কলৰিয়াঙৰ টালি সমষ্টিত বিজেপি আৰু এন পি পিৰ সমৰ্থকৰ মাজত হোৱা দলীয় সংঘৰ্ষত টামিন বামাং নামৰ এজন গাওঁবুঢ়া নিহত হৈছিল৷ বন্দুকৰ গুলিৰ আঘাটত গাওঁবুঢ়াজন নিহত হৈছিল৷ এনে পৰিস্থিতিত অৰুণাচল প্ৰদেশত ভোটদান প্ৰক্ৰিয়া ১১ এপ্ৰিলতে সম্পন্ন হৈছিল যদিও পুনৰ ভোটগ্ৰহণৰ প্ৰক্ৰিয়াটো কেতিয়ালৈকে সম্পন্ন হ'ব সেয়া পৰিস্কাৰ হোৱা নাই৷ অৱশ্যে অৰুণাচল প্ৰদেশৰ আৰক্ষী সঞ্চালকপ্ৰধান এছ বি কে সিঙে কুৰুংকুমে জিলাৰ শেহতীয়া পৰিস্থিতি নিয়ন্ত্ৰনাধিন বুলি জানিবলৈ দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/7b541cde-6a62-4fd1-a726-69533b0c1488-1.jpg)