/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/arunachal-pradesh-a722-0450-40b5-9625-8ec5bbdf12b2.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত বৃহস্পতিবাৰে সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত এটি পাঁচ বছৰীয়া শিশুকে ধৰি দুজনৰ মৃত্যু হয়। প্ৰাপ্ত খবৰ অনুসৰি, বৃহস্পতিবাৰৰ দুপৰীয়া ১২ বাজি ৪৫ মিনিটত লঙলিয়াং গাঁৱৰ অগ্নিকাণ্ডৰ সূত্ৰ পাত্ৰ ঘটে আৰু গাঁৱৰ ১৪৩টা ঘৰ জ্বলি ভস্মীভূত হয়।
টিৰাপ জিলাৰ উপায়ুক্ত টাৰো মিজে সদৰী কৰাৰ মতে অত্যন্ত দুৰ্গম অঞ্চলত গাঁৱখন অৱস্থিত বাবে অগ্নি নিৰ্বাপন কৰিবলৈ অগ্নিনিৰ্বাপক গাড়ী উপস্থিত হ'ব নোৱাৰাৰ বাবে এনেদৰে গাঁওখনৰ ১৪৩ ঘৰ ছাৰখাৰ হয়। অৱশ্যে অগ্নি কাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অগ্নি কাণ্ডত গাঁৱখনৰ বহু লাখ টকাৰ সম্পত্তি ধ্বংস হয়।