অসমৰ পৰ্যটন ক্ষেত্ৰক অৰুণাচলৰ প্ৰত্যাহ্বান

অসমৰ পৰ্যটন ক্ষেত্ৰক অৰুণাচলৰ প্ৰত্যাহ্বান

author-image
asomiyapratidin
New Update
অসমৰ পৰ্যটন ক্ষেত্ৰক অৰুণাচলৰ প্ৰত্যাহ্বান

ডিজিটেল ডেস্কঃ অসমৰ পৰ্যটনৰ বিকাশৰ বাবে কোটিটকীয়া ব্ৰেণ্ড এম্বেছেদৰ প্ৰিয়ংকা চোপ্ৰাক নিয়োগেৰে তথ্যচিত্ৰ নিৰ্মাণেৰে অসম চৰকাৰ সীমাবদ্ধ আছে যদিও একে সময়তে অৰুণাচলত পৰ্যটনৰ বিকাশৰ বাবে লোৱা ব্যতিক্ৰমী পদক্ষেপে সমগ্ৰ বিশ্ববাসীক আলোড়িত কৰিছে।

উল্লেখ্য যে, ভাৰতৰ লগতে দক্ষিণ পূৱ এছিয়া আৰু ইউৰোপৰ মুঠ ১১ খন দেশৰ প্ৰায় ১০০ গৰাকী চাইকেল আৰোহীয়ে যোৱা ১৪ নৱেম্বৰ তাৰিখে ৰাজ্যখনৰ পৰ্যটনৰ বিকাশৰ বাবে আয়োজিত দ্বিতীয় এম পি বি অৰুণাচল মাউন্টেইণ্ড বাইচাইকেল ৰেছত ভাগ লয়। ইটানগৰত গৃহ ৰাজ্যমন্ত্ৰী কিৰণ ৰিজিজুৱে ফ্লেগ অফ কৰা এই দুঃসাহসিক চাইকেল ৰেলীয়ে পাচিঘাট, আলং হৈ মেছুকালৈকে অতিকৈ দুৰ্গম জংঘল আৰু বৰফাবৃত্ত মুঠ ৭৫০ কিঃমিঃ পাহাৰীয়া পথ অতিক্ৰম কৰি লক্ষ্যস্থান মেছুকাত উপস্থিত হ'ব।

ইফালে দ্বিতীয়বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজন কৰা এই চাইকেল আৰোহী দলটোক ২২ লাখ টকাৰে পুৰস্কৃত কৰাৰ কথা ইতিমধ্যে বলিউডৰ চিত্ৰতাৰকা চলমান খানে ঘোষণা কৰিছে। কেৱল পুৰস্কাৰ ঘোষণাতে ক্ষান্ত থকা নাই চলমান। ২২ নৱেম্বৰত নিজে মেছুকাত উপস্থিত হৈ চাইকেল আৰোহী দলটোক অভিনন্দন জনোৱাৰ লগতে পুৰস্কাৰৰ ধনৰাশিও প্ৰদান কৰিব।

জানিব পৰা মতে, ২২ নৱেম্বৰৰ পুৱা ৭ বজাত পঞ্জাৱৰ হালৱাৰ পৰা চাৰ্টাৰ বিমানেৰে অৰুণাচল অভিমুখে যাত্ৰা কৰা প্ৰখ্যাত অভিনেতাগৰাকী পুৱা ১০.৩০ বজাত ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পাছত মেছুকালৈ ৰাওনা হ'ব। পাহাৰীয়া ৰাজ্যখনৰ প্ৰকৃতিৰ ৰম্যভূমি স্বৰূপ মেছুকাত দলটোক অভিনন্দন জনোৱাৰ পাছত ২২ নৱেম্বৰৰ বিয়লি মুম্বাইলৈ পুনৰ উভতি যাব অভিনেতাগৰাকীয়ে।