/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/de003981-281d-47ef-ac69-95bd8bf003ba.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মস্থান শদিয়াৰ কিছু দুৰত থকা বলুং গাৱত শনিবাৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে যুটীয়াভাৱে সুধাকণ্ঠৰ এটি বিশাল প্ৰতিমূৰ্তি অনাবৰণ কৰে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালো এই অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল যদিও তেওঁৰ অনুপস্থিতিত অসমৰ শক্তিমন্ত্ৰী তপন গগৈ এই অনুষ্ঠানত উপস্থিত থাকে ৷ অৰুণাচল প্ৰদেশৰ শদিয়াৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ নিলগৰ এই বলুং গাওঁখনৰ লগত ভূপেন হাজৰিকাৰ আছিল নিকট সম্পৰ্ক ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/0b95ee6b-1c9d-4a41-a173-8c74ee241185.jpg)
১৯২৬ চনত সুধাকণ্ঠ শদিয়াৰ যি স্থানত জন্ম হৈছিল সেই সময়ত সেই গাওঁখনৰ নাম আছিল বলুং গাওঁ ৷ অৰুণাচলৰ আদি সম্প্ৰদায়ৰ বলুং গাৱৰ বাসিন্দা সকলৰ মাজতে থকা এটা সৰু চৰকাৰী নিবাসত ভূপেন দাজৰিকাৰ জন্ম হৈছিল ৷ এই গাঁৱতে ভূপেন হাজৰিকা কেচুৱা অৱস্থাতে নোহোৱা হৈছিল ৷ পাছত গম পোৱ গ'ল যে বলুং গাৱৰ কোনোবা গাভৰুৱে মৰমলগা ভূপেন হাজৰিকাক মৰমতে গাৱত ফুবৰাবলৈ লৈ গৈছিল ৷ অৰুণাচলৰ বলুং গাৱত সেই ঘটনা এতিয়াও এক জনপ্ৰিয় কাহিনী ৷ কিন্তু দুখৰ কথা যে সেই সময়ত মিছি হিলছ ট্ৰেকৰ সদৰ শদিয়া নগৰখন ১৯৫০ চনৰ বৰ ভুঁইকপত ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যায় ৷ ফলত বলুং গাৱৰ আদি মানুহখিনি শদিয়াৰ পৰা অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ দিশে আগুৱাই আনি পুনৰ স্থাপন কৰা হয় ৷
পৰবৰ্তী পৰ্যায়ত এই বলুং গাঁৱৰ লগত পুনৰ সম্পৰ্ক স্থাপন হয় ভূপেন হাজৰিকাৰ ৷ বলুং গাৱৰ সমাজকৰ্মী তথা প্ৰাক্তন বিধায়ক প্ৰয়াত গোৰা পাৰ্টিনৰে ভূপেন হাজৰিকাৰ আত্মীক সম্পৰ্ক গঢ়ি উঠে ৷ বহুবাৰ ভূপেন হাজৰিকা বলুং গাৱলৈ আহিছিল ৷ বলুং গাৱৰে থকা এই সম্পৰ্কৰ বাবেই অৰুণাচল প্ৰদেশ চৰকাৰে স্থাপন কৰিবলৈ লোৱা ভূপেন হাজৰিকাৰ প্ৰতিমুৰ্তিটো এই বলুং গাৱতে স্থাপনৰ সিদ্ধান্ত লয় অৰুণাচল প্ৰদেশ চৰকাৰে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকীৰ উদ্যোগত অৰুণাচল প্ৰদেশ চৰকাৰে ৩০ লাখ টকা ব্যয় সাপেক্ষে প্ৰতিমুৰ্তিটো নিৰ্মাণ কৰে ৷ অসমৰ বিখ্যাত ভাস্কৰ্য শিল্পী বীৰেণ সিংহই নিৰ্মাণ কৰা এই প্ৰতিমুৰ্তিটোৰ নাম দিয়া হৈছে ষ্টেটচু অব ব্ৰাডাৰহুড অৰ্থাৎ ভাতৃত্ববোধৰ প্ৰতিমুৰ্তি ৷
অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইনে বিশেষ উদ্যোগ গ্ৰহণ কৰি শনিবাৰে এই অনুষ্ঠান সাফল্যমণ্ডিত কৰে ৷ অৰুণাচল প্ৰদেশ লিটাৰেৰী চ'ছাইটিৰ বিশেষ তৎপৰতাত নিৰ্মাণ কৰা ভূপেন হাজৰিকাৰ প্ৰতিমুৰ্তি উদ্ধোধন অনুষ্ঠানত অসম আৰু অৰুণাচল প্ৰদেশৰ বহু কেইটা জনগোষ্ঠীয়ে নৃত্য গীত প্ৰদৰ্শন কৰাৰ লগতে নিশালৈ ভূপেন্দ্ৰ সংগীতৰ মনোৰম সংগীত সন্ধ্যা অনুষ্ঠিত হয় ৷ আজিৰ এই অনুষ্ঠানত প্ৰয়াত ভূপেন হাজৰিকাৰ ভগ্নী সুদক্ষিণা শৰ্মা, ভাতৃ সমৰ হাজৰিকা, জয়ন্ত হাজৰিকাৰ পত্নী মনিষা হাজৰিকা, ভাগিন ঋষিৰাজ শৰ্মাক অৰুণাচল প্ৰদেশ চৰকাৰে সম্বৰ্ধনা জনায় ৷ জনপ্ৰিয় শিল্পী সদানন্দ গগৈৰ লগতে সদৌ অসম ছাত্ৰ সন্থা আৰু অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ বহু বিষয়ববীয়ায়ো এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷
ইপিনে শনিবাৰৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ অহা অসম সাহিত্য সভা সভাপতি পৰমানন্দ ৰাজবংশীয়ে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক ৰাজ্যখনত অসমীয়া ভাষাটোত তৃতীয় স্বীকৃতিপ্ৰাপ্ত ভাষা ৰূপে ঘোষণা কৰিবলৈ আহ্বান জনায় ৷ পাছত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে নিজৰ ভাষণত সাহিত্য সভাৰ আহ্বানক গুৰুত্বপূৰ্ণ বুলি আখ্যা দি পৰৱৰ্তী কেবিনেট বৈঠকত এই বিষয়ত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ঘোষণা কৰে ৷ এক কথাত, অসমক বাদ দি অৰুণাচল প্ৰদেশত অতি সোনকালে অসমীয়া ভাষা চৰকাৰীভাৱে স্বীকৃত তৃতীয় ভাষা হোৱাৰ বাট মুকলি হ'ল।