৮ জানুৱাৰীত অৰুণাচল প্ৰদেশ বন্ধ

৮ জানুৱাৰীত অৰুণাচল প্ৰদেশ বন্ধ

author-image
asomiyapratidin
New Update
৮ জানুৱাৰীত অৰুণাচল প্ৰদেশ বন্ধ

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ইটানগৰঃ ভাৰতীয় জনতা পাৰ্টী দলটোক উত্তৰ পূৰ্বাঞ্চলৰ খীলঞ্জীয়া বিৰোধী দল বুলি অভিহিত কৰিলে নেছোৰ সমন্বয়ক প্ৰীতম ভাই চোনামে। শনিবাৰে এখন সংবাদমেলত বিজেপিৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধিন কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি নেছোৰ সমন্বয়ক প্ৰীতম ভাই চোনামে কয় যে, চৰকাৰৰ এই কাৰ্যৰ ফলত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল অচিৰেই অস্থিৰ হৈ পৰিব।

উল্লেখ্য যে, অহা ৮ জানুৱাৰীত উত্তৰ পূবৰ আন আন ৰাজ্যকেইখনৰ দৰে অৰুণাচল প্ৰদেশতো ১১ ঘন্টীয়া বন্ধ ঘোষণা কৰিছে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই| অৱশ্যে পৰীক্ষাৰ্থী, সংবাদকৰ্মী আৰু আন কেতবোৰ অত্যাৱশ্যকীয় সেৱাক এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে৷

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হ'লে অসমৰ পাছত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব অৰুণাচল প্ৰদেশ। বাংলাদেশৰ পৰা পলাই আহি অৰুণাচলত থিতাপি লোৱা ছাকমা-হাজঙক বিজেপিয়ে ভাৰতীয় নাগৰিকত্ব দিয়াৰ অভিসন্ধি কৰিছে বুলি প্ৰকাশ কৰে আপছুৰ সাধাৰণ সম্পাদক টাবম ডায়ে।

আনহাতে আপছুৰ সভাপতি হাৱা বাগাঙে কেন্দ্ৰীয় চৰকাৰৰ এই বিধেয়কখন সন্দৰ্ভত কয় যে, বিধেয়কখনৰ জড়িয়তে ভাৰত চৰকাৰে বৈধভাবে মানব সৰবৰাহৰ পাং পাতিছে। তেওঁ কয় "আমাক আৰু মানুহ নালাগে। বহুত মানুহ আছে আমাৰ।" তেওঁ লগতে কয় যে, বাংলাদেশী অনাৰ পৰিবৰ্তে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত গুৰুত্ব দিয়ক বি জে পি চৰকাৰে।

সংবাদমেলত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীক নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈও আপছুৱে দাবী জনাই। এই বিধেয়কখন গৃহিত হ'লে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ভয়াবহ পৰিস্থিতিৰ উদ্ভব হ'ব বুলি আপছু-নেছোৰ নেতৃত্বই সকিয়াই দিছে। উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত নেছোৰ আঠোখন ৰাজ্যৰ ছাত্ৰ সংগঠন সমূহক লগত লৈ বন্ধৰ দৰে এনে বৃহত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

সংবাদমেলখনত আপছুৰ সাধাৰণ সম্পাদক টাবম ডাইয়ে কয় যে, উত্তৰ পূৰ্বাঞ্চলৰ কোনো সাংসদে এই বিধেয়কক সমৰ্থন নকৰে, কিন্তু দলীয় হেঁচাত নিমাতে আছে। বিজেপি চৰকাৰৰ বাংলাদেশী প্ৰীতিয়ে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিব বুলিও তেওঁ মন্তব্য কৰে।