টকাৰেই ৰাজনীতি চলা অৰুণাচলত পেমা খান্দুৰ মুখত নতুন সুৰ…

টকাৰেই ৰাজনীতি চলা অৰুণাচলত পেমা খান্দুৰ মুখত নতুন সুৰ…

author-image
asomiyapratidin
New Update
টকাৰেই ৰাজনীতি চলা অৰুণাচলত পেমা খান্দুৰ মুখত নতুন সুৰ…

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশত নিৰ্বাচন বুলিলেই ভোট কিনা-বেচাৰ মুক্ত বজাৰ ৷ টকাৰ বিনিময়ত পাঁচবছৰৰ বাবে ইয়াৰ ভোটাৰসকলে বিক্ৰি কৰি দিয়ে নিজৰ ভোট ৷ একোটা ভোটৰ বাবে ৰাজনৈতিক নেতাবোৰে ব্যয় কৰে ৫ হাজাৰৰ পৰা এক লাখ টকা পৰ্যন্ত৷ পৰিয়ালত ভোটাৰৰ সংখ্যা বেছি হ'লে তেনে পৰিয়ালক ৬০ লাখ টকীয়া জে চি বি পৰ্যন্ত উপহাৰ দিয়াৰ নজিৰ আছে অৰুণাচল প্ৰদেশত ৷

কিন্তু নিৰ্বাচনত এনেদৰে টকা লৈ ভোট দি অহা বাবেই ৰাজ্যখনত বিধায়কসকলে সমষ্টি উন্নয়নৰ বাবে পিঠি দিয়ে ৷ এনে পৰিস্থিতিৰ অবসান ঘটাবলৈ মুখ্যমন্ত্ৰী পেমা খান্দুৱে এতিয়া বিধান সভা আৰু লোকসভাৰ নিৰ্বানত ভোটৰ বিনিময়ত টকা নল'বলৈ সাধাৰণ জনতাক মুকলি আহ্বান জনাইছে ৷ মঞ্চই মঞ্চই টকা লৈ ভোট নিদিবৰ বাবে জনোৱা এই মুকলি আহ্বানে বিগত সময়ত ৰাজ্যখনত নিৰ্বাচনত টকাৰ বিনিময়ত ভোট ক্ৰয় কৰাৰ কথাটোৰ সত্যতা প্ৰতিপন্ন কৰিছে ৷

২০১৯ চনত ৰাজ্যখনৰ বিধান সভা আৰু লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ এই নিৰ্বাচনৰ বাবে ইতিমধ্যেই ককালত টঙালি বান্ধিছে বি জি পিয়ে৷ অৰুণাচলৰ ৰাজনীতিত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনত জয়লাভ কৰোৱাৰ বাবেও বিভিন্ন সময়ত নানান কৌশল অবলম্বন কৰা হয় ৷

বিপক্ষৰ প্ৰাৰ্থীক ধনৰ বলেৰে বা নিৰ্বাচনত বিজয়ী হোৱাৰ পাছত কোটী টকাৰ ঠিকা দিয়াৰ প্ৰতিশ্ৰুতিৰে ভোটগ্ৰহণ নোহোৱাকৈ নিৰ্বাচনত জয়ী হোৱাৰ পাং পাতে ৷ মুখ্যমন্ত্ৰী পেমা খান্দুৱে গণতান্ত্ৰিক দেশ এখনত ধনবল আৰু বাহুবল প্ৰয়োগ কৰি বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধায়ক হোৱাৰ প্ৰবণতা পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে ৷

উল্লেখ্য যে মুক্ত আৰু নিকা নিৰ্বাচনৰ পোষকতা কৰা খান্দুৱে দুটাকৈ নিৰ্বাচন বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈ আহিছে ৷ ২০১৪ চনত তেতিয়াৰ মুখ্যমন্ত্ৰী নাবাম টুকীয়ে কৌশলেৰে ১১ জনকৈ প্ৰাৰ্থীক কংগ্ৰেছৰ টিকটত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰি আনিছিল যদিও সেই বিধায়কসকলেও তেওঁৰ সংগ ত্যাগ কৰি দল সলনি কৰিছিল ৷

মূল্যবোধ আৰু গণতান্ত্ৰিক ৰাজনীতি পুনৰ প্ৰতিষ্ঠাৰ বাবে পেমা খান্দুৱে আগন্তুক নিৰ্বাচনত সকলো সমষ্টিতে নিৰ্বাচন অনুষ্ঠিত কৰি জনগণক মুক্ত মনেৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে ৷ তেওঁ প্ৰতিনিধিত্ব কৰা মুকতু বিধানসভা সমষ্টিত বিগত ১৫ বছৰে ৰাইজে ভোটদান কৰিবলৈ পোৱা নাই বুলি আক্ষেপ কৰিছে ৷

তেওঁৰ পূৰ্বে তেওঁৰ পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত দৰ্জী খান্দু দুবাৰকৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধান সভালৈ নিৰ্বাচিত হৈছিল৷ অহা নিৰ্বাচনত তেওঁৰ বিৰুদ্ধে কোনোৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷ বিজিপি যুব মৰ্চাৰ এখন সভাত এই মন্তব্য কৰে পেমা খান্দুৱে ৷ পেমাৰ সুৰতেই সুৰ মিলাইছে বি জে পিৰ সভাপতি টাপিৰ গাৱে ৷