/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/b193d7e8-7b82-44bc-adf4-319a8f87b803.jpg)
ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত নগা বিদ্ৰোহী সংগঠন বিৰুদ্ধে ভাৰতীয় সেনাই ব্যাপক অভিযান চলোৱাৰ খবৰ পোৱা গৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ খাৰচাং নামগৈ বনাঞ্চলত অসম ৰাইফলছৰ এটা দলে গোপন সূত্ৰৰ তথ্য ভিত্তিত অভিযান চলাই এন এছ চি এন (আৰ)ৰ এটা শিবিৰ উৎখাত কৰাৰ লগতে এগৰাকী স্বয়ম্ভূ মেজৰ সহ দুজন সদস্যক নিৰাপত্তাৰক্ষী বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/ccd43fb7-0c1a-4293-92e0-fc83d0d3a853-757x1024.jpg)
৩ আগষ্টৰ পৰা চলা এই অভিযান কালত এন এছ চি এন (আৰ)ৰ শিবিৰ উৎখাত কৰাৰ সময়ত বহু আপত্তি জনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে অসম ৰাইফলছৰ দলটোৱে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/48bd21e6-6a2c-47aa-8506-25d737b8b8eb.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/ae18cea3-fa03-49ea-8404-4d9c0fd4b42b.jpg)
নিৰাপত্তা বাহিনীয়ে বৰ্তমানেও অভিযান চলাই থকাৰ বাবে উগ্ৰপন্থী কেইজনৰ নাম ঠিকনা লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও এন এছ চি এন (আৰ)ৰ বাবে এইয়া এক মুখ্যম আঘাত বুলি সেনাৰ এক সূত্ৰত প্ৰকাশ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/35fcb2a2-d5bd-4fde-b8c4-b72d0e459aa1.jpg)