/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/arunachalca7d4e7e-ce9f-4e8a-90ce-3a3441012785.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশত ৯৫৩৩ কোটী টকাৰ ঘাইপথ নিৰ্মাণৰ শিলান্যাস কেন্দ্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাদকাৰীৰ৷ অৰুণাচলৰ ৰয়িং আৰু জিৰোত অনুষ্ঠিত দুখন পৃথক পৃথক সভাত এই বৃহৎ ধনৰাশিৰ পথ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে।
কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী গাদকাৰীৰ এই পথ নিৰ্মাণ অনুষ্ঠানত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু, কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজু, অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইনকে ধৰি বহু কেইজন মন্ত্ৰী বিধায়ক উপস্থিত থাকে৷ আনহাতে গাদকাৰীয়ে ৰয়িঙত ৩৯৫০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগা আন ৭টা নতুন ঘাই পথ প্ৰকল্পৰো শিলান্যাস কৰে৷
ইফালে অৰুণাচল প্ৰদেশত আজিৰ দিনটোতে গাদকাৰীয়ে মুঠ ৯৫৩৩ কোটি টকাৰ পথ প্ৰকল্পৰ শুভাৰম্ভ কৰে৷ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে এই পথ সমূহৰ নিৰ্মাণত সৰ্বতোপ্ৰকাৰে সহযোগ কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰী গাদকাৰীক প্ৰতিশ্ৰুতি দিয়ে৷ ইয়াৰ উপৰিও অৰুণাচল প্ৰদেশক কেন্দ্ৰীয় পথ মন্ত্ৰীজনে আন ৫০ হাজাৰ কোটি টকা নতুন পথ নিৰ্মাণৰ বাবে শীঘ্ৰেই প্ৰদান কৰিব বুলি জিৰোৰ সভাতে ঘোষণা কৰে৷
গাদকাৰীয়ে পথ উন্নয়নৰ সমান্তৰালভাবে কয়লাৰ আৰু বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰাৰ বাবে অসম আৰু অৰুণাচলৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰি কয় যে- উত্তৰ-পূৰ্বাঞ্চলে উদ্যোগিক বিকাশৰ বাবেও কাম কৰিব লাগিব৷