/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/f2a9c6bc-8dff-462c-aa1a-5175c675be33.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়াঃঅসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ জয়ৰাম পুৰত সেনাৰ শিখ ৰেজিমেন্ট আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়ে চলাই এক যৌথ অভিযান। এই অভিযান চলোৱা হয় এন ডি এফ বিৰ বিৰুদ্ধে। তিনিগৰাকী মহিলা সদস্যসহ ৫ এন ডি এফ বি সদস্য আটক হয় এই অভিযান কালত।
সেনা আৰু আৰক্ষীৰ অভিযানত আটক হোৱা এন ডি এফ বি সদস্য কেইজন ক্ৰমে- বিশ্বজিত ব্ৰহ্ম, বীৰখাল বসুমতাৰী, চুম্পা বসুমতাৰী, দৈমু ব্ৰহ্ম, আৰু দেৱীকা মুছাহাৰী। লগতে এই বিদেশত নিৰ্মিত তিনিটা পিষ্টলো উদ্ধাৰ কৰে এই অভিযান।
উল্লেখযোগ্য যোগ্য ম্যানমাৰৰ বিভিন্ন অঞ্চলত শিৱিৰ পাতি কাম-কাজ চলাই থকা আলফা এন ডি এফ বি কে এল অ' আৰু মনিপুৰৰ বিদ্ৰোহীসকলে অৰুনাচল প্ৰদেশৰ চাংলাং আৰু লংডিং জিলাক এক মুক্তাঞ্চল আৰু কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। তাৰেই প্ৰমাণ যে দুগৰাকী মহিলা এন ডি এফ বি সদস্যা সহ ৫জন এন ডি এফ বি সদস্যই ম্যানমাৰ শিৱিৰৰ পৰা অস্ত্ৰসহ পলাই আহি সেনাৰ আৰু আৰক্ষী হাতত ধৰা পৰিছিল বৃহস্পতিবাৰে সন্ধিয়া চাংলাং জিলাৰ জয়ৰাম পুৰত।