/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/eaaf6804-d0c0-4fbc-a23c-5a795695b302-2.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ মঙলবাৰে নিশা অৰুণাচলৰ ডাপ'ৰিজোত ভয়াবহ অগ্নিকাণ্ডত ৪০ টা ঘৰ ভস্মীভূত হয় । মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত আপাৰ সোৱনশিৰি জিলাৰ সদৰ ডাপ'ৰিজোৰ আবুটানি কলনিত এটা ঘৰৰ পৰা এই জুইৰ সুত্ৰপাত হয় ৷ জুই মুহূৰ্তৰ ভিতৰতে কাষৰ ঘৰ সমূহলৈও বিয়পি পৰে ৷ কাঠ আৰু বাহেৰে নিৰ্মিত প্ৰায় চল্লিছটা ঘৰ নিমিষতে জুইয়ে চানি ধৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/d86027cc-f13d-46aa-8a2b-46c2543df5f6.jpg)
অগ্নিকাণ্ডত ভস্মীভূত হোৱা ৪০ টা ঘৰত বসবাস কৰি থকা প্ৰায় ৫০ টা পৰিয়াল গৃহহাৰা হয় বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে ৷ এই অগ্নিকাণ্ডৰ ফলত হোৱা কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হয় আৰু চিলিণ্ডাৰৰ জুই লাগি এজন লোক আহত হয় ৷ ঘটনাৰ খবৰ পাই আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক অগ্নি নিৰ্বাপনৰ বাবে আবুটানি কলনিলৈ ঢাপলি মেলে যদিও অগ্নি নিৰ্বাপক বাহিনীৰ লোক বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয় । পাছত জিলা প্ৰশাসনে নিশাই অগ্নিকাণ্ডত সৰ্বস্ব হেৰুওৱা পৰিয়াল সমূহক কম্বল, খাদ্য সামগ্ৰী আৰু বাচন-বৰ্তন যোগান ধৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/db9c20a7-5df3-42b9-8df2-58f409adb1c2.jpg)
উল্লেখ্য যে মঙলবাৰে দিনৰ ভাগত অৰুণাচল প্ৰদেশৰ ইটানগৰৰ সমীপৰ নাহৰলগুনতো আন এক ভয়াবহ অগ্নিকাণ্ডত ১৫ টা ভাড়াঘৰ পুৰি ছাই হৈ গৈছিল ৷ নাহৰলগুনৰ ২৩ পৰিয়ালৰ লগতে ভাৰাঘৰৰ কাষতে থকা মালিকৰ পকী ঘৰৰো দুটা কোঠাৰ ব্যাপক ক্ষতিসাধন হৈছিল ৷ একেদিনাই ৰাজ্যখনত হোৱা দুটাকৈ ভয়াবহ অগ্নিকাণ্ডত ৭৩ টা পৰিয়াল গৃহহাৰা হ'ব লগা হয় ৷