ডিজিটেল সংবাদ, ইটানগৰঃ আজি চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ইটানগৰত অনুষ্ঠিত হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মহাপৰিদৰ্শকসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক।
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ সীমা তথা সন্ত্ৰাসবাদী কাৰ্যকলাপ সন্দৰ্ভত আলোচনা কৰা হ'ব এই বৈঠকখনত। অৰুণাচলৰ মুখ্যমন্ত্ৰী প্রেমা খান্দুৱে উদ্বোধন কৰিব এই বৈঠকখন।
উল্লেখ্য যে, এই বৈঠকত অংশ ল'ব কেন্দ্ৰীয় গৃহ-ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুৱে। ইফালে, অসমৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াও উপস্থিত থাকিব এই বৈঠকত। বৈঠকখনক লৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা পৰিলক্ষিত হৈছে ইটানগৰত।