অৰুণাচলৰ ডিৰাং-টাৱাং পথত ভূমিস্খলন, বন্ধ হৈ পৰিছে যান-বাহন চলাচল

অৰুণাচলৰ ডিৰাং-টাৱাং পথত ভূমিস্খলন, বন্ধ হৈ পৰিছে যান-বাহন চলাচল

author-image
asomiyapratidin
New Update
অৰুণাচলৰ ডিৰাং-টাৱাং পথত ভূমিস্খলন, বন্ধ হৈ পৰিছে যান-বাহন চলাচল

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচলপ্ৰদেশৰ ডিৰাং-টাৱাং সংযোগী পথত ব্যাপক ভূমিস্খলন হোৱাৰ বাতৰি পোৱা গৈছে৷ দেওবাৰে আবেলি ডিৰাঙৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ ন্যুকমাডুং নামৰ ঠাইখনত এখন পাহাৰৰ বৃহৎ অংশ খহি আহি পথৰ ওপৰত পৰেহি৷ ফলত পথটো বন্ধ হৈ পৰে৷

জানিব পৰা মতে, ডিৰাং আৰু টাৱাঙৰ মাজত কেইবা ঘন্টা ধৰি যাতায়াত বন্ধ হৈ আছে৷ পাহাৰখনত এতিয়াও ভূমিস্খলন অব্যাহত আছে।  সেয়ে যিকোনো মুহূৰ্তত বিপদৰ আশংকা কৰি পথটোৰে যান-বাহনৰ চলাচল নিশাটোৰ বাবে বন্ধ কৰি দিয়া হৈছে৷ সীমান্ত পথ নিৰ্মাণ সংস্থাই অৱশ্যে পথৰ ওপৰত পৰা পাথৰবোৰ আঁতৰোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷