/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/uuuii.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ মূল পৰীক্ষাৰ পূৰ্বে প্ৰতিবাদত উত্তাল হৈ পৰিছে অৰুণাচল প্ৰদেশ ৷ আয়োগৰ মূল পৰীক্ষা পিচুৱাই দিয়াৰ দাবীত আজি পূৱাৰে পৰা ৭০০ ৰো অধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষাগৃহৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি পৰীক্ষা বাতিল কৰিবলৈ দাবী জনাই আৰু পৰীক্ষা দিবলৈ অহা আন পৰীক্ষাৰ্খী সকলক বাধা প্ৰদান কৰে ৷
বিক্ষোভকাৰীক বিদ্যালয়ৰ পৰা আতৰাই পথাবলৈ আৰক্ষীয়ে চেষ্টা কৰাৰ সময়তে তেওঁলোকৰ লগত আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ হতাহতি হয় নীতি বিহাৰৰ কিংকাপ বিদ্যালয়ৰ সন্মুখত৷ ইয়াৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি প্ৰদান কৰা ৰায়দানৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা মূল পৰীক্ষা অনুষ্ঠিত কৰিছে লোকসেৱা আয়োগে ৷ অৱশ্যে আদালতৰ নিৰ্দেশত অসন্মত হৈছে বহু পৰীক্ষাৰ্থী ৷ যাৰবাবে পৰীক্ষা পিছুৱাই দিয়াৰ দাবীত কালি নিশাৰে পৰা ইটানগৰৰ টেনিছ ক'ৰ্ট আৰু ইন্দিৰা গান্ধী পাৰ্কত অসন্তুষ্ট পৰীক্ষাৰ্থীয়ে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/uuuuiiii2.jpg)
আজি পূৱাই প্ৰতিবাদী প্ৰাৰ্থী সকলে কিংকাপ বিদ্যালয়ৰ পৰীক্ষা গৃহৰ সন্মুখত অৱস্থান গ্ৰহণ কৰে আৰু প্ৰৱেশদ্বাৰ অৱৰোধ কৰে ৷ পৰীক্ষা কেন্দ্ৰটোত ৪০০ পৰীক্ষাৰ্থীয়ে আজি পৰীক্ষা দিব লগা আছিল যদিও মাত্ৰ ১৫০ জন পৰীক্ষাৰ্থীহে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷ প্ৰৱেশদ্বাৰতে প্ৰতিবাদী প্ৰাৰ্থীসকলে শুই গেট বন্ধ কৰি দিয়ে ৷ পাছত আৰক্ষীয়ে শতাধিক প্ৰতিবাদী প্ৰাৰ্থীক আটক কৰি ইটানগৰ থানালৈ লৈ যায় ৷ অৱশ্যে লোকসেৱা আয়োগৰ নিৰ্দেশত কিছু পলমকৈ আজিৰ পৰীক্ষাসমূহ কম প্ৰাৰ্থীৰ উপস্থিতিতে আয়োগে অনুষ্ঠিত কৰে ৷ উল্লেখ্য যে অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগে অনুষ্ঠিত কৰা প্ৰাৰম্ভিক পৰীক্ষাৰ কেইবাটাও বিষয়ৰ প্ৰশ্নকাকতত পাঠ্যক্ৰম বহিৰ্ভূত প্ৰশ্ন সন্নিবিষ্ট হোৱাৰ প্ৰতিবাদত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইটানগৰ বেন্সত ২০০ অধিক গোচৰ তৰিছিল প্ৰাৰম্ভিক পৰীক্ষাত অনুতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে ৷
আদালতৰ মজিয়াত চলি থকা গোচৰৰ মাজতে লোকসেৱা আয়োগে পূৰ্বে ঘোষণা কৰা ফলাফলত উত্তীৰ্ণ হোৱা প্ৰাৰ্থী সকলক মূল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে সময়সূচী ঘোষণা কৰে ৷ আদালতত পৰীক্ষাৰ বিষয়টো বিচাৰাধীন হৈ থকা বাবে একাংশ প্ৰাৰ্থীয়ে আয়োগৰ পৰীক্ষাসূচীক প্ৰত্যাহ্বান জনাই পুনৰ আদালতৰ দ্বাৰস্থ হয় আৰু আদালতে সেই গোচৰৰ কালি ৰায়দান কৰি আয়োগক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছিল ৷ অৱশ্যে আদালতে আয়োগক আজিৰে পৰা অনুষ্ঠিত পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰাত বাধা আৰোপ কৰিছে ৷ এনে পৰিস্থিতিত কালি নিশাৰে পৰা চলি থকা ইটানগৰৰ প্ৰতিবাদী কাৰ্য্যসূচী আজি হতাহতিৰ পৰ্যায় পায়গৈ ৷