অধিক অৱনতি অৰুণাচলৰ পৰিস্থিতিঃ ৰাষ্ট্ৰপতি শাসনৰ দাবী কংগ্ৰেছৰ

অধিক অৱনতি অৰুণাচলৰ পৰিস্থিতিঃ ৰাষ্ট্ৰপতি শাসনৰ দাবী কংগ্ৰেছৰ

author-image
asomiyapratidin
New Update
অধিক অৱনতি অৰুণাচলৰ পৰিস্থিতিঃ ৰাষ্ট্ৰপতি শাসনৰ দাবী কংগ্ৰেছৰ

ডিজিটেল সংবাদ, ইটানগৰঃ ক্ৰমাত অশান্ত হৈছে অৰুণাচল। শুকুৰবাৰে নিশা ইটানগৰত সচিবালয় আৰু বিধানসভা ভৱনত অগ্নি সংযোগ কৰিব বিচৰা প্ৰতিবাদকাৰীক চত্ৰভংগ দিয়াবলৈ নিৰাপত্তাৰক্ষীয়ে গুলিচালনা কৰাত ৰিছো টাৰ নামৰ প্ৰতিবাদকাৰী এজন নিহত হোৱাৰ লগতে টেতে বাগাং নামৰ আন এজন প্ৰতিবাদকাৰী আহত হয়৷ যাৰ বাবে অশান্ত হৈছে ৰাজ্যখনৰ পৰিৱেশ। ইফালে গুৰুতৰবাৱে আহত হৈছে বাগাঙ নামৰ আন এজন লোক। লোকজনক উন্নত চিকিৎসাৰ বাবে শনিবাৰে অনা হৈছে গুৱাহাটীলৈ।

উল্লেখ্য যে, শুকুৰবাৰে নিশা পূৱা ৪বজা পৰ্যন্ত উগ্ৰ হৈ পৰা প্ৰতিবাদকাৰীয়ে ইটানগৰ আৰু নাহৰলাগুনৰ বিভিন্ন স্থানত ৰখাই থোৱা প্ৰায় ৭০ খন বাহনত অগ্নি সংযোগ কৰে৷ নিশা প্ৰায় ডেৰ বজাত ইটানগৰৰ ইন্দিৰাগান্ধী পাৰ্কত চলি থকা ষ্টেটহুড দিৱসৰ কাৰ্যসূচীলৈ অহা সাংস্কৃতিক কৰ্মীৰ বহুকেইখন বাহনটো অগ্নি সংযোগ কৰে প্ৰতিবাদকাৰীসকলে৷

আই জি পাৰ্কত গীত পৰিবেশনৰ বাবে বাবে অহা অসমৰ শিল্পীৰ দল এটাৰ বাহনটো আক্ৰমণ কৰে প্ৰতিবাদৰাকীসকলে। অনুষ্ঠান বাতিল হোৱাৰ বাবে লগত লৈ অহা বাহন কেইখনতে নিশা বহি আছিল দলটো৷ ইটানগৰৰ পৰিস্থিতি বেয়া হোৱা বাবে তেওঁলোক পাৰ্কৰ পৰা হোটেললৈ যাব পৰা নাছিল৷ কিন্তু উদণ্ড প্ৰতিবাদকাৰীয়ে তেওঁলোকক গাড়ীৰ পৰা নমাই তেওঁলোকৰ সন্মুখতে জ্বলাই দিয়ে বাহনসমূহ৷

যাৰ ফলত তেওঁলোকৰ বাদ্য-যন্ত্ৰসমূহ গাড়ীতে থকাৰ বাবে সেইসমূহো জুইত জাহ যায়৷ এনেদৰে আই জি পাৰ্কতে ২৫ খনৰো অধিক বাহন জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে৷ কেৱল সেয়ে নহয়, পাৰ্কত নিৰ্মান কৰা পেণ্ডেল, চাউন্দ চিষ্টেমো জ্বলাই দিয়ে প্ৰতিবাদকাৰীসকলে৷ এই জুইত গুৱাহাটীৰ পৰা অহা শব্দযন্ত্ৰীৰ প্ৰায় পাঁচ কোটী টকাৰ যন্ত্ৰ-পাতি পুৰি শেষ হৈ যায় ৷

আই জি পাৰ্কত এই কাণ্ড সংঘটিত কৰাৰ পাছত ওচৰতে থকা দৰ্জী খান্দু ষ্টেট কনভেনছন চেন্টাৰত প্ৰথমবাৰৰ বাবে ইটানগৰত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ সমাৰোহলৈ অহা আমন্ত্ৰিত অতিথিসকলৰ বাহন সমূহো প্ৰতিবাদকাৰীৰ লক্ষ্য হৈ পৰে৷ ভৱনটোৰো বিস্তৰ ক্ষতিসাধন কৰে উন্মত্ত লোকসকলে৷ কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ সমৰ্থনত পাথৰ দলিওৱা দলৰ দৰে হিংসুক হৈ পৰা লোকসকলে আনকি কেন্দ্ৰটোত থকা আটকধুনীয়া আবু-টানিৰ দহফুট উচ্চতাৰ মূৰ্তি কেইটাতো অগ্নি সংযোগ কৰে৷

অসমৰ বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহই বহু কষ্টৰে নিৰ্মাণ কৰা মূৰ্তি কেইটা জ্বলাই দিয়ে উত্তেজিৰ প্ৰতিবাদকাৰীসকলে৷ চলচিত্ৰ মহোৎসৱৰ বাবে অহা প্ৰায় ১৫০ প্ৰতিনিধি, কলা-কুশলী আৰু বিষয়া-কৰ্মচাৰীয়ে কোনোমতে প্ৰেক্ষাগৃহৰ ভিতৰত সোমাই আক্ৰমনৰ পৰা নিজকে ৰক্ষা কৰে৷ কাৰণ প্ৰতিবাদকাৰীয়ে কেন্দ্ৰটোলৈ অহৰহ শিলগুটি দলিয়াই আছিল৷

শনিবাৰে পুৱা বন্ধৰ সময়সীমা উকলি যোৱাত পৰিস্থিতি কিছু শান্ত হয়৷ ষ্টেটহুড দিৱস আৰু চলচিত্ৰ মহোৎসৱৰ বাবে অহা লোকসকল কোনোমতে ইটানগৰৰ পৰা প্ৰাণ ৰক্ষা কৰি ওলটি যাবলৈ সক্ষম হয়৷আনহাতে শুকুৰবাৰে নিশা সমগ্ৰ ইটানগৰত আতংকৰ সৃষ্টি কৰা প্ৰতিবাদকাৰীয়ে শনিবাৰেও নাহৰলগুনত আৰক্ষীৰ বাহন এখন জ্বলাই দিয়ে৷

শনিবাৰে আবেলি নাহৰলগুনত পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ প্ৰতিবাদী যুবকৰ ওপৰত কন্দুৱা গেচ প্ৰয়োগ কৰে নিৰাপত্তাৰক্ষীয়ে৷ ইফালে শুকুৰবাৰে নিশা ইটানগৰত তাণ্ডৱৰ সৃষ্টি কৰা প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে শনিবাৰে পূৱাই সেনা বাহিনীয়ে ইটানগৰত ফ্লেগ মাৰ্চ কৰে৷

সম্প্ৰতি ইটানগৰৰ সচিবালয় আৰু বিধানসভাৰ নিৰাপত্তা সেনাৰ হাতত গতাই দিয়া হৈছে৷ বিয়লি ৩বজাৰ পৰা ইটানগৰ আৰু নাহৰলগুনত সান্ধ্য আইন জাৰি কৰা হৈছে৷ শুকুৰবাৰৰ হিংসাত্মক প্ৰতিবাদত ইটানগৰৰ আৰক্ষী অধীক্ষক এম হৰ্ষবৰ্ধনকে ধৰি ২৫ জন আৰক্ষী আৰু ৩০ জন চি আৰ পি এফ জোৱান শিলগুটিৰ আঘাতত আহত হোৱাত চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছে৷

ইফালে মুখ্যমন্ত্ৰী পেমা খান্দুৱে শুকুৰবাৰৰ সমগ্ৰ ঘটনাৰ বাবে আয়ুক্ত পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে৷ খান্দুৱে পি আৰ চি ইছুটোক অপব্যাখ্যা কৰি পৰিস্থিতি গম্ভীৰ কৰাৰ ষড়ষন্ত্ৰ কৰা হৈছে বুলি মন্তব্য কৰে৷ তেওঁ কয় যে, অনা-অৰুণাচলীক চৰকাৰী চাকৰী আৰু শৈক্ষিক ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈহে পি আৰ চি প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল আৰু বিধান সভাত বিষয়টো আলোচনাৰ বাবে উত্থাপন কৰা হৈছিল৷ কিন্তু এই বিষয়টোক ভুল ব্যাখ্যা কৰি পি আৰ চিৰ নতুন আইন প্ৰণয়ন কৰাৰ চেষ্টা কৰা বুলি ভূৱা বাতৰি প্ৰচাৰ কৰে একাংশ লোকে৷

অৰুণাচল বিধানসভাত শনিবাৰে তৃতীয় দিনৰ কাৰ্যসূচীত এজনো বিধায়ক উপস্থিত নথকাত অধ্যক্ষ টি এন ঠংডকে দিনটোৰ কাৰ্যসূচী বাতিল কৰাৰ লগতে বাজেট অধিবেশন সমাপ্ত হোৱা বুলি ঘোষণা কৰে৷

ইফালে শুকুৰবাৰৰ দিনটোৰ উত্তপ্ত পৰিস্থিতিৰ বাবে পেমা খান্দু চৰকাৰক তীব্ৰ সমালোচনা কৰিছে অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি টাকাম সঞ্জয়ে৷ আইন-শৃংখলা পৰিস্থিতি চম্ভালিব নোৱৰা চৰকাৰৰ গাদীত বহি থকাৰ কোনো অধিকাৰ নাই বুলি মন্তব্য কৰি তেওঁ পেমা খান্দুক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ দাবী কৰিছে৷ নেতাজনে অৰুণাচল প্ৰদেশত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিবলৈ দাবী জনাইছে৷