কোৰোনা মুক্ত হ’ল অৰুণাচল, শুকুৰবাৰে ৰিলিজ দিয়া হ’ল আব্দুল খান তালুকদাৰক…

কোৰোনা মুক্ত হ’ল অৰুণাচল, শুকুৰবাৰে ৰিলিজ দিয়া হ’ল আব্দুল খান তালুকদাৰক…

author-image
asomiyapratidin
New Update
কোৰোনা মুক্ত হ’ল অৰুণাচল, শুকুৰবাৰে ৰিলিজ দিয়া হ’ল আব্দুল খান তালুকদাৰক…

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ কোৰোনা আক্ৰান্ত একমাত্ৰ ৰোগীজনক শুকুৰবাৰে তেজু জিলা চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। যোৱা ২ এপ্ৰিলত লোহিত জিলাৰ মেডো নামৰ ঠাইখনৰ আব্দুল খান তালুকদাৰ নামৰ ৩১ বছৰীয়া যুৱকজনৰ শৰীৰত কো'ভিড-১৯ ধৰা পৰিছিল।

নিজামুদ্দিন মাৰ্কাজ তবলিগিত যোগদান কৰা আব্দুলক ৩ এপ্ৰিলৰ পৰা তেজুত ৰখা হৈছিল। বুধবাৰে আব্দুলৰ তৃতীয়টো কো'ভিদ-১৯ৰ পৰীক্ষাৰ ফলাফলত তেওঁক কোৰোনা মুক্ত বুলি ঘোষণা কৰা হৈছিল। আব্দুলৰ চিকিৎসাৰ লগত জড়িত চিকিৎসকৰ দলটোৱে আব্দুলক বিদায়পৰত এটা ঘড়ি উপহাৰ দিয়ে। লোকজনক হাস্পতালৰ পৰা যাবলৈ দিয়াৰ পিছৰে পৰা অৰুণাচল প্ৰদেশ সম্পূৰ্ণৰূপে কোৰোনা মুক্ত হ'ল।