অৰুণাচলৰ ৬.১ প্ৰাবল্যৰ ভূমিকম্পৰ অভিকেন্দ্ৰ ক’ত আছে…

অৰুণাচলৰ ৬.১ প্ৰাবল্যৰ ভূমিকম্পৰ অভিকেন্দ্ৰ ক’ত আছে…

author-image
asomiyapratidin
New Update
পুৱাই ভূমিকম্পৰ জোকাৰণি…

ডিজিটেল ডেস্কঃ পুৱা ১.৪৫ বজাত অৰুণাচল প্ৰদেশ জোকাৰি যোৱা ৬.১ প্ৰাবল্যৰ অভিকেন্দ্ৰ আছিল আলঙত। আমেৰিকাৰ জিঅ'গ্ৰাফিকেল ছাৰ্ভেয়ে সদৰি কৰা তথ্য মতে আলঙৰ দক্ষিণ পূবৰ ৪০ কিলোমিটাৰ নিলগত আছিল এই অভিকেন্দ্ৰ।

উল্লেখযোগ্য যে, ইটানগৰৰ পৰা এই অভিকেন্দ্ৰৰ দূৰত্ব ১৮০ কিলোমিটাৰ। ভূমিকম্পত কোনো ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই বুলি অৰুণাচলৰ চৰকাৰী সূত্ৰত প্ৰকাশ।