ৰাহুল গান্ধীৰ বিৰুদ্ধে ক্ষোভ, কংগ্ৰেছ এৰিলে অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যাই

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • অৰুণাচল প্ৰদেশ কংগ্ৰেছত নতুন মোৰ৷
  • দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ কংগ্ৰেছ এৰিলে জাৰজুম গামলিম এটেই৷
  • অৰুণাচল পশ্চিম লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব বিচাৰিছিল জাৰজুমে৷
  • শুকুৰবাৰে নিশা কংগ্ৰেছ দলে কিৰেণ ৰিজিজুৰ বিপক্ষে নাবাম টুকীক প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত লয়৷
  • ইয়াৰ প্ৰতিবাদতে জাৰজুম এটেই কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে৷
  • ইফালে দলীয় প্ৰাৰ্থিত্ব নিবিচৰাকৈয়ে প্ৰাৰ্থিত্ব দিয়াত অসন্তুষ্ট নাবাম টুকী৷
  • লোকসভাৰ পৰিবৰ্তে বিধানসভাৰ নিৰ্বাচনতহে প্ৰতিদ্বন্দ্বিতাৰ আগ্ৰহ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকীয়ে৷
  • জাৰজুম এটে ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা আছিল৷
  • পদত্যাগ পত্ৰত ৰাহুল গান্ধীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে জাৰজুমে৷
  • কংগ্ৰেছৰ পৰা পদত্যাগ কৰি জনতা দল (এছ)ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব কিৰেণ ৰিজিজুৰ বিৰুদ্ধে৷
  • জাৰজুম এটে গামলিন অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জাৰবম গামলিনৰ ভগ্নি৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in