/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/ARUNACHAL-MONEY.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ পাছিঘাটত মঙলবাৰে নিশা জব্দ হয় ১ কোটী ৮০ লাখ নগদ টকা৷ পাছিঘাটৰ চিয়াং গেষ্ট হাউচত থকা এখন গাড়ীৰ পৰা জব্দ কৰা হয় এই ধন৷ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দু, উপ-মুখ্যমন্ত্ৰী চাওনা মেন, বিজেপিৰ ৰাজ্যিক সভাপতি টাপিৰ গাও আদিয়ে লৈ অহা কনভয়ৰ দুখন বাহনৰ পৰা ইষ্ট চিয়াং জিলাৰ আৰক্ষী অধীক্ষকে এই ধন জব্দ কৰে৷ ১ কোটী টকা জব্দ হোৱা স্কৰ্পিঅ' গাড়ীখন বিজেপিৰ মেবো সমষ্টিৰ প্ৰাৰ্থী ডেংগি পাৰমেৰ বুলি নিশ্চিত কৰা হৈছে৷
বিজেপি দলৰ প্ৰাৰ্থীৰ গাড়ীত ধন খিনি লৈ অহা হৈছিল৷ আন এখন ফৰচুনাৰ গাড়ীতো অনা হৈছিল বৃহৎ পৰিমানৰ নগদ ধন৷ সেই গাড়ীখনৰ পৰা জব্দ হৈছে ৮০ লাখ টকা৷ ইতিমধ্যে আয়কৰ বিভাগে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। জব্দ কৰা ধনখিনি বিজেপিৰ সভাপতি তথা পূব অৰুণাচল লোকসভা সমষ্টিৰ প্ৰাৰ্থী টাপিৰ গাৱৰ হয়নে নহয় সেয়া পৰীক্ষা কৰিব তদন্তকাৰী দলে৷
প্ৰাৰম্ভিক তদন্তত সেই ধন টাপিৰ গাৱৰ বুলি প্ৰকাশ কৰা হৈছিল৷ কিন্তু পাছত সেই ধন কঢ়িয়াই অনা গাড়ীখন বিজেপি দলৰ মেবো বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ডেংগি পাৰমেৰ বুলি নিশ্চিত কৰা হয়৷ উল্লেখ্য যে, নিৰ্বাচনত ধন বিলাবলৈ অহা বুলি ভাবি যুৱ কংগ্ৰেছৰ দল এটাই মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতিৰ কনভয়ক অনুসৰণ কৰি চিয়াং গেষ্ট হাউচত গাড়ী কেইখন ঘেৰাও কৰিছিল৷ পাছত গাড়ীত ধন আছে বুলি সন্দেহ কৰি আৰক্ষী আৰু নিৰ্বাচনী পৰ্যবেক্ষকক খবৰ দিয়া হয়।