অৰুণাচলত চিয়াং নদীৰ ভয়ংকৰ ৰূপ! বাঢ়নি পানীত আৱদ্ধ দুজন ৰছী বান্ধি উদ্ধাৰ… VIDEO

অৰুণাচলত চিয়াং নদীৰ ভয়ংকৰ ৰূপ! বাঢ়নি পানীত আৱদ্ধ দুজন ৰছী বান্ধি উদ্ধাৰ… VIDEO

author-image
asomiyapratidin
New Update
অৰুণাচলত চিয়াং নদীৰ ভয়ংকৰ ৰূপ! বাঢ়নি পানীত আৱদ্ধ দুজন ৰছী বান্ধি উদ্ধাৰ… VIDEO

প্ৰতিদিন সংবাদ, ইটানগৰ: বিপদ সীমা অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে অৰুণাচল প্ৰদেশৰ বৃহৎ চিয়াং নদী। নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে চিয়াং আৰু চিবু কৰং নদী । চিবু কৰং নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ পৰা প্ৰায় এক চেন্টিমিটাৰ ওপৰেৰে বৈ আছে। যাৰ ফলত চিবু কৰং নদীৰ পানীয়ে নৈপৰীয়া বহু ঠাই ডুবাই পেলোৱাৰ লগতে কেইবাখনো গাঁৱত বিভিষীকাৰ সৃষ্টি কৰিছে।

যোৱা ২৪ ঘন্টাত চিবু কৰং নদী এলেকাত ১৬৮ মিলি মিটাৰ পৰিমাণৰ বৰষুণ হৈছে । এই বৰষুণৰ বাবে হঠাতে বিভিন্ন ঠাই জলমগ্ন হৈ পৰাত বহু লোক আবদ্ধ হৈ পৰাৰ খবৰ পোৱা গৈছে । চিবু কৰং নৈৰ বাঢ়নি পানীত আৱদ্ধ হৈ পৰা গোপাল মিজাৰ (৩৫) আৰু মনু বিশ্বকৰ্মা (২৫) নামৰ মহিলা এগৰাকীক আৰক্ষী আৰু স্থানীয় লোকে এক দুঃসাহসিক অভিযানত এখন দলঙৰ ওপৰৰ পৰা কোনোমতে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পাছিঘাটৰ সমীপত এনেদৰে হঠাতে নদীৰ বাঢ়নি পানীয়ে বহু লোকক পানীৰ মাজত আবদ্ধ কৰি ৰখাৰ আশংকা কৰা হৈছে আৰু আৰক্ষী-প্ৰশাসনে আবদ্ধ হৈ পৰা লোক উদ্ধাৰৰ বাবে অনুসন্ধান আৰম্ভ কৰিছে ।
ইফালে, চিয়াং নদীৰ জলপৃষ্ঠ বিপদ সীমা ১৫৩.৯৬ মিটাৰৰ পৰা ৮ মিলি মিটাৰ তলেৰে বৈ আছে । যিকোনো মুহূৰ্ততে চিয়াঙৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেৰে বৈ যাব পাৰে। ইতিমধ্যে চিয়াঙৰ পানীয়ে পাচিঘাট চহৰক সুৰক্ষা দিয়া পকী মথাউৰিটোৰ বিভিন্ন স্থানত ব্যাপক ক্ষতিসাধন কৰিছে বুলি খবৰ পোৱা গৈছে।