অৰুণাচলত বিধায়কৰ পৰিয়ালসহ ১১ জনক গুলীয়াই হত্যা, এন পি পি প্ৰধান তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাৰ টুইট…

অৰুণাচলত বিধায়কৰ পৰিয়ালসহ ১১ জনক গুলীয়াই হত্যা, এন পি পি প্ৰধান তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাৰ টুইট…

author-image
asomiyapratidin
New Update
অৰুণাচলত বিধায়কৰ পৰিয়ালসহ ১১ জনক গুলীয়াই হত্যা, এন পি পি প্ৰধান তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাৰ টুইট…

  • ঘটনাক কেন্দ্ৰ কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাৰ টুইট।
  • এই ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী মুখ্যমন্ত্ৰীজনৰ।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী কণৰাড চাংমাৰ।
  • উল্লেখ্য যে, অৰুণাচলৰ দামালাজুৰ বিধায়ক টিৰং আবুৰ লগতে হত্যা কৰা হৈছে আন কেইবাজনো লোকক।
  • গুলীয়াই হত্যা কৰা হৈছে নেতাজনৰ লগতে তেওঁৰ পৰিয়ালৰ লোকসকলক।
  • অৰুণাচলৰ টিৰাপ জিলাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।
  • জিলাখনৰ পাচুটং নামৰ ঠাইত বাহনেৰে গৈ থকাৰ সময়তে সংঘটিত হৈছে এই ঘটনা।
  • নগা বিদ্ৰোহী সংগঠন এন এছ চি এন(আইএম)ৰ সদস্যই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ।
  • উল্লেখ্য যে, ঘটনাটোত অতি কমেও নিহত হৈছে এতিয়ালৈকে ১১ জন লোক।
  • ঘটনাৰ পিছতে অঞ্চলটোত জাৰি কৰা হৈছে ১৪৪ ধাৰা।