অৰুণাচলৰ বমডিলাত সেনা-আৰক্ষীৰ সংঘাতক কেন্দ্ৰ কৰি উত্তেজনা অব্যাহত

অৰুণাচলৰ বমডিলাত সেনা-আৰক্ষীৰ সংঘাতক কেন্দ্ৰ কৰি উত্তেজনা অব্যাহত

author-image
asomiyapratidin
New Update
অৰুণাচলৰ বমডিলাত সেনা-আৰক্ষীৰ সংঘাতক কেন্দ্ৰ কৰি উত্তেজনা অব্যাহত

প্ৰতীীকি ফটো

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাৰ বমডিলাত সেনা-আৰক্ষীৰ সংঘাতক কেন্দ্ৰ কৰি উত্তেজনা অব্যাহত আছে ৷ অৰুণাচল স্কাউট নামৰ সেনাৰ ৰেজিমেন্ট এটাৰ জোৱানে সুৰাপান কৰি বুদ্ধ মহোৎসৱৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৷ পাছত সেনাৰ জোৱান দুজনক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আহে ৷

পাছত সেনাৰ কৰ্ণেল এজনে আহি জোৱান দুজনক থানাৰ পৰা লৈ যায়হি যদিও পিছদিনা পুৱাই অৰুণাচল স্কাউটৰ সেনা জোৱানৰ শতাধিক সদস্যই বমডিলা থানা ঘেৰাও কৰি ভাৰপ্ৰাপ্ত বিষয়াজনক মাৰপিট কৰাৰ লগতে থানাৰ আচবাব পত্ৰ ভাঙি চুৰমাৰ কৰে ৷ সেনাৰ জোৱানসকলে আৰক্ষীৰ পাঁচখনকৈ বাহনৰো ক্ষতিসাধন কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে থানালৈ অহা জিলা উপায়ুক্ত সোনাল স্ৰৰূপকো সেনা জোৱান সকলে শিলাবৰ্ষণেৰে আক্ৰমণ কৰে ৷

এই ঘটনাৰ প্ৰতিবাদত কালি বমডিলাৰ সকলো চৰকাৰী কৰ্মচাৰীয়ে বমডিলাত সেনাৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিওৱাৰ পাছত বুধবাৰেও বমডিলাৰ স্থানীয় মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰ মাজতে অৰুণাচল স্কাইটৰ বমডিলা শিবিৰৰ কামাণ্ডেন্ট কৰ্ণেল ফিৰদোছে কেমেৰাৰ আগত ভাৰপ্ৰাপ্ত বিষয়াজনক প্ৰাণে মৰাৰ ভাবুকি দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷