ডিজিটেল সংবাদ, ইটানগৰঃ শুকুৰবাৰে নিচেই পুৱাতে অৰুণাচল প্ৰদেশ বিজেপিৰ সভাপতি টাপিৰ গাওৰ ইটানগৰত থকা ব্যক্তিগত বাসভৱনত সংঘটিত হোৱা এক ৰহস্যজনক ঘটনাই সমগ্ৰ অৰুণাচলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পুৱা প্ৰায় ৬:১২ মিনিটত দুখন মাৰুতি গাড়ী গাওঁৰ বাসভৱনৰ সন্মুখত পথৰ ওপৰত ৰয়হি ৷
কেই মুহূৰ্তমানৰ পাছত বগা বগা ৰঙৰ মাৰুটি ৱাগনাৰ গাড়ীখন গাওৰ বাসভৱনৰ প্ৰবেশদ্বাৰৰ নিচেই কাষলৈ লৈ আহে ৷ পাছত কান্ধত দীঘল দা লৈ থকা গাড়ীৰ চালকজন নামি যায় আৰু এটা আধামৰা কুকুৰ আনি গাওৰ বাসভৱনৰ গেটৰ কাষলৈ দলিয়াই দিয়ে আৰু পুনৰ দাৰে ঘপিয়াই হত্যা কৰে ৷ তাৰ কেই চেকেণ্ডমান পাছতে একেজন ব্যক্তিয়ে চালকৰ আসনৰ কাষৰ দুৱাৰখন খুলি গাড়ীৰ ভিতৰত থকা পেট্ৰ'লৰ গেলন এটাত অগ্নি সংযোগ কৰাত গাড়ীখন দাউ দাউকৈ জ্বলি যায় ৷ এই ভয়ানক কাৰ্য সংঘটিত কৰিবলৈ যাওঁতে ব্যক্তিজন কোনোমতে জুই নলগাকৈ ৰক্ষা পৰে ৷
উল্লেখ্য যে সেই সময়ত টাপিৰ গাওৰ নীতিবিহাৰত থকা বাসভৱনৰ মূল দুৱাৰখন বন্ধ আছিল ৷ টাপিৰ গাও প্ৰধান মন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে দিল্লীত আছিল ৷ স্থানীয় টানি জনগোষ্ঠীয় বিশ্বাস অনুসৰি কোনো ব্যক্তিৰ বাসভৱনলৈ এনেদৰে মৃত কুকুৰ বা কুকুৰৰ কটা মুৰ দলিয়াই দিয়াৰ প্ৰথা আছে আৰু ইয়াৰ জৰিয়তে প্ৰতিশোধ লোৱাৰ সাৱধানবাণী প্ৰেৰণ কৰা হয় ৷ স্থানীয় জন-বিশ্বাসৰ পৰা এই কাৰ্যৰ জড়িয়তে কোনো অজ্ঞাত লোকে টাপিৰ গাঁৱক কুকুৰটোক হত্যা কৰা বা গাড়ী জ্বলাই হত্যা কৰাৰ ভাবুকি দিয়া বুলি বাৰ্তা প্ৰেৰণ কৰিছে বুলি নিশ্চিত কৰা হৈছে ৷
উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনত টাপিৰ গাও পূব অৰুণাচল বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ টিকটত লোকসভালৈ নিৰ্বাচিত হৈছিল ৷ তদুপৰি অৰুণাচল প্ৰদেশত কোনো সাংগাঠনিক ভেটি নথকা জনতা ইউৰ পৰা বহু কেইজন বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থিয়ে প্ৰতিন্দন্দ্বিতা কৰি বিজয়ী হৈছিল ৷ নীতিশ কুমাৰৰ জনতা দল (ইউৰ) সাতজনকৈ এনে প্ৰাৰ্থিয়ে বিজেপিৰ মনোনীত প্ৰাৰ্থিক পৰাজিত কৰি বিজয়ী হৈছিল ৷ অভিযোগ উঠিছিল যে মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু টাপিৰ গাৱে মিলি পচন্দৰ প্ৰাৰ্থীক বিধানসভালৈ গোপনে সমৰ্থন দি বিজয়ী কৰাই আনিছিল ৷ সন্দেহ কৰা হৈছে যে আজিৰ এই ঘটনাত বিজেপিৰ পৰা পৰাজিত হোৱা কোনো প্ৰাৰ্থিৰ সমৰ্থকে এই কাণ্ড সংঘটিত কৰিছে ৷