/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/55d6b1b1-4dd4-4456-8e92-be34245bd3fd.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচলৰ য়াজুলি সমষ্টিৰ বিজেপি বিধায়ক লিখা চায়াৰ নিৰজুলিত থকা বাসগৃহত তেওঁৰেই সমৰ্থকৰ ভয়াবহ আক্ৰমণ৷ চকী, টেবুল ভাঙি চুড়মাৰ কৰে একাংশ লোকে। শিলগুটি দলিয়াই লিখা চায়াৰ প্ৰসাদোপম অট্টালিকাৰ আইনা ভাঙি চুড়মাৰ কৰে উন্মত্ত সমৰ্থকে৷ বিজেপিৰ বিধায়ক লিখা চায়াক এইবাৰ বিজিপিয়ে দলীয় প্ৰাৰ্থিত্ব দিয়া নাছিল৷ কিন্তু তেওঁৰ সমৰ্থকে দাবী কৰিছিল যে, তেওঁ আন দলৰ টিকট লৈ হ'লেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/40603c43-9e2b-44c8-9c09-a4c2b33b0ec5.jpg)
লিখা চায়াই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো আগ্ৰহ কৰা নাছিল৷ চায়াৰ সমৰ্থকে অভিযোগ কৰা মতে চায়াই বিজেপিৰ প্ৰাৰ্থীজনৰ পৰা বৃহৎ পৰিমানৰ ধন লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/413007b3-1c3f-414f-b631-75e4cd22d8df.jpg)
উল্লেখ্য যে, নিজ সমৰ্থকৰ এই উগ্ৰ মূৰ্তি দেখি লিখা চায়াই নিজ বাসগৃহতে আত্মগোপন কৰিছে৷ অৱশ্যে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে চায়াই ঘৰটো সুৰক্ষা দিবলৈ চেষ্টা কৰিছে৷ চায়াৰ সমৰ্থকে বাসভৱনৰ অস্থায়ী মন্দপত থকা শতাধিক প্লাষ্টিকৰ চকী জ্বলাই দিয়ে৷ পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে বুলি জানিবলৈ পোৱা গৈছে৷