/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/f6c6ef9a-0003-4443-93e8-2cd39c3fa105.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ সোমবাৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সপ্তম সংখ্যক মৃত্যু তিথি চুবুৰীয়া ৰাজ্য অৰুণাচলতো পালন কৰা হয় ৷ নাহৰলগুন কৃষ্টি কেন্দ্ৰৰ উদ্যোগত এই অনুষ্ঠানটি পালন কৰা হয়৷ অৰুণাচলত জন্মগ্ৰহণ কৰা আৰু অৰুণাচলক নিজৰ মাতৃ জ্ঞান কৰা ভূপেন হাজৰিকাক অৰুণাচলৰ মানুহে আজিও নিজৰ ককাই বুলি ভাবে৷
অৰুণাচলৰ মাটিক লৈ ভূপেন হাজৰিকাই বহুকেইটা গীত ৰচনা কৰিছে৷ অৰুণাচলৰ গীতৰ সুৰ লৈও অসমীয়া ভাষাত তেওঁ অসম আমাৰ ৰূপহী নামৰ কালজয়ী গীত ৰচনা কৰি গৈছে৷ ভূপেন হাজৰিকাই ৰচনা কৰা "অৰুণ কিৰণ" গীতটি বৰ্তমান অৰুণাচলৰ জাতীয় সংগীত হিচাপে প্ৰচলিত৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/72644076-873c-485f-b38c-04206a5b496a.jpg)
অৰুণাচলৰ প্ৰথমখন বোলছবি "মেৰি মা মেৰি ধৰম" ভূপেন হাজৰিকাই ৰচনা কৰি গৈছে৷ এইখন ছবিখনৰ শ্বুটিং কালত ভূপেন হাজৰিকাক কাষৰ পৰা লগ পোৱা একাংশ মানুহে আজিও সেই মধুৰ স্মৃতি সোঁৱৰে৷ এই সময়ছোৱাতে ভূপেনদাৰ লগত থাকি তেওঁৰ সৈতে কাম কৰা আৰু তেওঁৰ সহায়ক হিচাপে থকা অৰুণাচলী গায়ক বেংগীয়া হেমন্তও এই অনুষ্ঠানত উপস্থিত থাকে আৰু ভূপেন হাজৰিকাৰ গান গোৱাৰ লগতে তেওঁৰ লগত কটোৱা সময়ৰ মধুৰ স্মৃতি ৰোমন্থন কৰে৷
তেওঁৰ উপৰিও এই অনুষ্ঠানত উপস্থিত থাকে জালে চুনম, ড০ পেকবা ৰিংগু, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ এছ'চিয়েট প্ৰফেচাৰ ড০ যমুনা বিনী ইত্যাদি বহুকেইজন অৰুণাচলী লোক৷ এই অনুষ্ঠানত বন্তি প্ৰজ্জলন কৰি সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ বিষয়ে নতুন প্ৰজন্মক জনোৱা হয় আৰু লগতে তেওঁৰ বহুকেইটা গীত আৰু গীতত নৃত্যু প্ৰদৰ্শন কৰা হয় ৷